উৰিষ্যাৰ কাৰখানাত এমোনিয়া গেছ লিক হোৱাৰ পিছত অসুস্থ ২৫ জনতকৈ অধিক শ্ৰমিক

PC - Odisha TV

উৰিষ্যাৰ কাৰখানাত এমোনিয়া গেছ লিক হোৱাৰ পিছত অসুস্থ ২৫ জনতকৈ অধিক শ্ৰমিক

ৰঙিলী বাৰ্ত্তাসেৱা-   উৰিষ্যাৰ  বালাচোৰ জিলাৰ এটা প্ৰ’ন প্ৰচেছিং প্লাণ্টত এমোনিয়া গেছ লিক হোৱাৰ পিছত ২৫ জনৰো অধিক শ্ৰমিক অসুস্থ হৈ পৰিছিল। এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই কিন্তু কমেও  ৯ জন শ্ৰমিকৰ অৱস্থা গুৰুতৰ, আৰক্ষীয়ে জনায়। কাৰখানাটো বিজেডিৰ প্ৰাক্তন সাংসদ ৰবীন্দ্ৰ জেনাৰ পুত্ৰ প্ৰতীকৰ মালিকানাধীন।