অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৩০ জন প্ৰাক্তন আই পি এছ বিষয়াৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ

Pc Scroll.in

অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৩০ জন প্ৰাক্তন আই পি এছ বিষয়াৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিছে ৩০গৰাকী প্ৰাক্তন আই পি এছ বিষয়াই। কেজৰিৱালে জনসাধাৰণৰ দৃষ্টিত আৰক্ষীক খলনায়ক সজাই ৰাজনৈতিক লাভালাভৰ চেষ্টা কৰিছে বুলি দাবী কৰা হৈছে পত্ৰত।যোৱা ১২ ছেপ্টেম্বৰত গুজৰাটত কেজৰিৱালে এজন অটো চালকৰ ঘৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ যাওঁতে আৰক্ষীয়ে বাধা দিয়াত বাক–বিতণ্ডা লাগিছিল।এই ঘটনাৰ উদ্ধৃতি দি তিনি পৃষ্ঠাৰ এখন পত্ৰত ৩০জন প্ৰাক্তন আই পি এছে অভিযোগ কৰিছে যে কেজৰিৱালে তেওঁৰ নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষীৰ প্ৰতি অত্যন্ত অভদ্ৰ আৰু সংবেদনহীন মন্তব্য কৰিছে।