ডুৰাণ্ড কাপ ২০২২ বিজয়ৰ পিছত অপমানিত হ’ল সুনীল ছেত্ৰী

Pc NDTV.com

ডুৰাণ্ড কাপ ২০২২ বিজয়ৰ পিছত অপমানিত হ’ল সুনীল ছেত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ছল্ট লেক ষ্টেডিয়ামত বেংগালুৰু এফ চিয়ে মুম্বাই চিটি এফ চিক ২-১ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবল টুৰ্ণামেণ্টৰ খিতাপ অৰ্জন কৰে। বেংগালুৰু এফ চিৰ দক্ষ অধিনায়ক সুনীল ছেত্ৰীৰ বাবেও এইটো প্ৰথমটো ডুৰাণ্ড কাপ খিতাপ, কিন্তু খিতাপ জয় কৰাৰ পিছত অপমানিত হ’ল সুনীল ছেত্ৰী।দৰাচলতে ডুৰাণ্ড কাপ জয় কৰাৰ পিছত যেতিয়া সুনীল ছেত্ৰীয়ে ট্ৰফী সংগ্ৰহ কৰিবলৈ মঞ্চত উঠিছিল, তেতিয়া তেওঁক অপমান কৰা হৈছিল। এই বহু আকাংক্ষিত ট্ৰফীটো গ্ৰহণ কৰাৰ সময়তে সুনীল ছেত্ৰীক ঠেলি দিছিল পশ্চিম বংগৰ ৰাজ্যপাল লা গণেশানে। সুনীল ছেত্ৰীক অপমান কৰা এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।