মুম্বাইক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ দখল কৰে সুনীল ছেত্ৰী নেতৃত্বাধীন বেংগালুৰুৱে
ৰঙিলী বাৰ্ত্তাসেৱা- সুনীল ছেত্ৰী নেতৃত্বাধীন বেংগালুৰুৱে ২-১ গ’লত মুম্বাইক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ জয় কৰে।বেংগালুৰুৰ হৈ শিৱ শক্তি আৰু ব্ৰাজিলিয়ান এলান কষ্টাই গ’ল কৰে, আনহাতে অপুয়াই মুম্বাইৰ হৈ একমাত্ৰ গ’ল কৰে। অধিনায়ক সুনীল ছেত্ৰীয়েও গ’ল দিয়াৰ কিছু সোণালী সুযোগ পাইছিল যদিও তেওঁ সফল নহ’ল। নতুন প্ৰশিক্ষক চাইমন গ্ৰেছনৰ সৈতে বেংগালুৰু দলে ২-১ গ’লত জয়লাভ কৰে।