অসমত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে কেইবাটাও সশস্ত্ৰ আদিবাসী সংগঠনৰ সৈতে স্বাক্ষৰিত হ’ল শান্তি চুক্তি

Pc Facebook

অসমত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে কেইবাটাও সশস্ত্ৰ আদিবাসী সংগঠনৰ সৈতে স্বাক্ষৰিত হ’ল শান্তি চুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে কেইবাটাও সশস্ত্ৰ আদিবাসী সংগঠনৰ সৈতে স্বাক্ষৰিত হ’ল শান্তি চুক্তি৷ এই চুক্তিৰ জৰিয়তে ৰাজ্যখনত বাস কৰা আদিবাসী লোকসকলৰ ভাষা, কলা-সংস্কৃতি সুৰক্ষাৰ লগতে সামাজিক আৰু অৰ্থনৈতিক বিকাশৰবাবে বহুকেইটা সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আয়োজিত এক বৈঠকত বিয়লি প্ৰায় পাঁচ বজাত স্বাক্ষৰিত কৰা হয় এই চুক্তি৷ চুক্তিখনত  বীৰছা কমাণ্ডো ফ’ৰ্চ,আদিবাসী কোব্ৰা মিলিটেৰি অব্‌ আছাম, আদিবাসী পীপল্‌ছ আৰ্মি, অল আদিবাসী নেশ্যনেল আৰ্মি, চাওতাল  টাইগাৰ ফ’ৰ্চ, অল আদিবাসী নেশ্যনেল আৰ্মি [এফ জি], বীৰছা কমাণ্ডো ফ’ৰ্চ [বাদল টুডু] আৰু আদিবাসী কোব্ৰা মিলিটেৰি অব্‌ আছাম [এফ জি]ৰ নেতৃত্বৰ লগতে ৰাজ্য চৰকাৰৰ হৈ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূবৰ দায়িত্বত থকা অতিৰিক্ত সচিব পীয়ুষ গোৱেলসহ চুক্তি স্বাক্ষৰৰ সময়ত দুয়োপক্ষৰ সাক্ষী হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই স্বাক্ষৰ কৰে৷ প্ৰণিধানযোগ্য যে আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ কাম ক্ষিপ্ৰ কৰি তোলাৰ লগতে চুক্তিখনত আদিবাসীসকলৰ বিকাশৰ বাবে এখন আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা হ’ব বুলি উল্লেখ কৰা হৈছে৷ আনহাতে আদিবাসীসকলৰ উন্নয়নৰ বাবে মুঠ এহেজাৰ কোটি টকাৰ বিশেষ পেকেজ প্ৰদান কৰা হ’ব৷ পাঁচ বছৰত ব্যয় কৰিবলগীয়া এই ধনৰাশিৰ ভিতৰত পাঁচশ কোটি টকা ৰাজ্য চৰকাৰে আৰু পাঁচশ কোটি টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব৷ এই বিশেষ পেকেজৰ ধনৰাশি প্ৰদানৰ ক্ষেত্ৰত প্ৰতিবছৰে কেন্দ্ৰীয় চৰকাৰে এশ কোটি আৰু ৰাজ্য চৰকাৰে এশ কোটিকৈ টকা পাঁচ বছৰলৈ প্ৰদান কৰিব৷ আদিবাসীসকলৰ শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ সেইদৰে মূলসুঁতিলৈ অহা উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক পুনৰ সংস্থাপনৰ পদক্ষেপ লোৱা হ’ব৷ বিশেষকৈ তেওঁলোকক চৰকাৰী সশস্ত্ৰ বাহিনীত নিয়োগ কৰা হ’ব৷ ১৯৯৬, ১৯৯৮ আৰু ২০১৪ চনত ৰাজ্যখনত হোৱা জনগোষ্ঠীয় সংঘৰ্ষত ক্ষতি হোৱা আদিবাসী লোকসকলৰ পৰিয়ালক এক লাখকৈ টকা ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে আদিবাসীসকলৰ ভূমিৰ অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে৷ জনগোষ্ঠীটোৰ লোকসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে এজন কেবিনেট মন্ত্ৰীৰ নেতৃত্বত এখন কমিটী গঠন কৰিব৷ উক্ত কমিটীখনে সমগ্ৰ বিষয়টো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব৷ সেই অনুসৰি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব৷ জনগোষ্ঠীটোৰ ভাষা, কলা-সংস্কৃতি সুৰক্ষাৰ বাবেও চুক্তিখনত ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে৷ সেই অনুসৰি তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰ, বাক্‌সা, কাৰ্বি আংলং, চিৰাং, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাত আদিবাসী অঞ্চলত মডেল স্কুল খোলা হ’ব৷ কোকৰাঝাৰ, শোণিতপুৰ আৰু গোলাঘাটত খোলা হ’ব দক্ষতা বিকাশ কেন্দ্ৰ৷ আনহাতে  স্বাক্ষৰিত হোৱা শান্তি চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত সকলো দিশ চোৱাচিতাৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু আদিবাসী সশস্ত্ৰ সংগঠনৰ নেতৃত্বক লৈ এখন যুটীয়া কমিটী গঠন কৰা হ’ব৷ এই শান্তি চুক্তিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পল্লৱ লোচন দাস, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্য সচিব পৱন বৰঠাকুৰ, আই বিৰ মুৰব্বী তপন কুমাৰ ডেকা,  আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰকে ধৰি গৃহ মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল৷