ভিক্টৰ দাসৰ দদৰাস্থিত বাসগৃহত আৰক্ষীৰ অভিযান

Pc The Janambhumi

ভিক্টৰ দাসৰ দদৰাস্থিত বাসগৃহত আৰক্ষীৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰি হোৱা বুলি অভিযোগ কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ দদৰাস্থিত বাসগৃহত আৰক্ষীৰ অভিযান।মহানগৰৰ শীৰ্ষ আৰক্ষীৰ দলে চলাইছে তালাচী।আৰক্ষীয়ে জব্দ কৰে ভিক্টৰ দাসৰ লেপটপ।লগতে জব্দ কৰিছে বহু সামগ্ৰী।শনিবাৰে আদালতত হাজিৰ কৰা হৈছিল ভিক্টৰ দাসক।ভিক্টৰ দাসক ৭ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল।উল্লেখযোগ্যে যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে।ভিক্টৰ দাসে অভিযোগ কৰা অনুসৰি এই ধনৰ লেনদেনৰ সৈতে জড়িত হৈ আছে প্রাক্তন বিধায়ক।অভিযোগত উল্লেখ কৰা অনুসৰি নিযুক্তিৰ বিনিময়ত ৩ লাখৰ পৰা ৮ লাখ টকা পৰ্যন্ত ধনৰ লেনদেন হৈছে।চতুৰ্থ বৰ্গৰ পদ সমূহৰ বাবে ৩ লাখৰ পৰা আৰম্ভ হোৱাৰ লগতে তৃতীয় বৰ্গৰ পদ সমূহৰ বাবে ৮ লাখ টকা পৰ্যন্ত দাম উঠিছে। ইয়াৰ পাছতেই উৰাবাতৰি বিয়পোৱাৰ অভিযোগ তুলি শুকুৰবাৰে দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছিল৷ভিক্টৰ দাস হৈছে ক’চিং ইনষ্টিটিউটৰ শিক্ষক।তেওঁৰ প্ৰকৃত ঘৰ কামৰূপৰ দদৰাত যদিও ভিক্টৰ দাসে মহানগৰীৰ মালিগাঁৱতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছে।