বি বৰুৱা কলেজত ‘সুধাকন্ঠক সোঁৱৰণ’

বি বৰুৱা কলেজত ‘সুধাকন্ঠক সোঁৱৰণ’

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ববৰেন্য শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উপলক্ষে বৃহস্পতিবাৰে বি বৰুৱা কলেজৰ শিক্ষক গোটৰ উদ্যোগত ‘সুধাকণ্ঠক সোৱৰণ’ শীৰ্ষক এখনি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুস্থিত হয়৷ সদৌ কামৰূপ জিলা(মহানগৰ আৰু গ্ৰাম্য) ভিত্তিত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী  সকলৰ মাজত অনুস্থিত হোৱা প্ৰতিযোগিতা খনত সৰ্বমুঠ ৬৬ সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা  প্ৰতিযোগিতা খনৰ উদ্বোধনী ভাষণ প্ৰদান কৰে কলেজৰ অধক্ষ্য ড° সতেন্দ্ৰ নাথ বৰ্মনে ৷ উক্ত প্ৰতিযোগিতা খনত বিচাৰক হিচাবে উপস্থিত থাকে বিশিষ্ট সংগীত শিল্পী সূৰ্য গোস্বামী আৰু নমিতা ভট্টাচাৰ্য ৷ কামৰূপ জিলাৰ অৰ্ন্তগত প্ৰায় সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ উচ্চমানৰ ভূপেন্দ্ৰ সংগীত পৰিৱেশনৰ অন্তত  সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ নিবেদিতা কলিতাই প্ৰথম পুৰস্কাৰ লাভ কৰে৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ  সিদ্ধান্ত বৰাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে দিছপুৰ কলেজৰ নিলিপ্ৰিয়া কোঁৱৰে৷ ইয়াৰ উপৰিও বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয় বি বৰুৱা কলেজৰ দিক্ষিতা শৰ্মা আৰু দিপশিখা ভুঞা, কটন বিশ্ববিদ্যালয়ৰ তৃষা কাশ্যপ আৰু দিক্ষিতা কোঁৱৰ, ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ পাল্কী তামুলী ফুকন৷ কলেজৰ উপাধ্যক্ষ সুমন্ত বৰঠাকুৰৰ উপস্থিতিত অনুস্থিত হোৱা বঁটা বিতৰণী  সভাত  প্ৰথম পুৰস্কাৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত সত্যনাথ গোস্বামী সোঁৱৰণী বঁটা নগদ দহ হাজাৰ টকা, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা  হৃষীকেশ গোস্বামীয়ে ৷ দ্বিতীয় পুৰস্কাৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মহেন্দ্ৰ শৰ্মা বৰঠাকুৰ সোঁৱৰণী বঁটা নগদ সাত হাজাৰ টকা, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে ললীত ভৰালী কলেজৰ সহকাৰী অধ্যাপিকা ড° জুবলী গোস্বামীয়ে, তৃতীয় পুৰস্কাৰ কৃতি শিক্ষক প্ৰয়াত অৰুন কুমাৰ কলিতা সোঁৱৰণী বঁটা নগদ পাঁচ হাজাৰ টকা, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে ৰিহাবাৰী আৰ্য পাতশালাৰ শিক্ষয়িত্ৰী ৰুনুমী পাটোৱাৰীয়ে৷ প্ৰতিযোগিতাখন আৰম্ভণিৰ পৰা শেষলৈ অতি সুন্দৰভাৱে পৰিচালনা কৰে বি বৰুৱা কলেজ শিক্ষক গোটৰ সদস্য ড° মানবেন্দ্ৰ শৰ্মাই৷