উত্তৰ-পূৱ সাংবাদিক মহাসংঘৰ নতুন কাৰ্যকৰী সমিতি গঠন

উত্তৰ-পূৱ সাংবাদিক মহাসংঘৰ নতুন কাৰ্যকৰী সমিতি গঠন

নয়নজ্যোতি তালুকদাৰ,গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পঞ্জীয়নভূক্ত শক্তিশালী সাংবাদিক সংগঠন ভাৰতীয় সাংবাদিক মহাসংঘৰ অন্তৰ্গত উত্তৰ- পূৱ সাংবাদিক মহাসংঘই এখনি কাৰ্যকৰী সমিতি গঠন কৰাৰ বাবে বৈঠক অনুষ্ঠিত হৈ যায় । উক্ত বৈঠকত সমিতিৰ বিষয় ববীয়া বাচনি কৰি সমিতি খন চূড়ান্ত কৰিবলৈ প্ৰস্তুত কৰি সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৭ ছেপ্টেম্বৰ দিনা মহানগৰীৰ দিছপুৰত অনুষ্ঠিত হোৱা বৈঠকত উত্তৰ পূৱ সাংবাদিক মহাসংঘৰ মুখ্য উপদেষ্টা হিচাপে হীৰেন শইকীয়া, ৰাজেশ্বৰ শইকীয়া, সভাপতি ববিতা শৰ্মা, কাৰ্যকৰী সভাপতি পদত জনক দাস, উপ সভাপতি ৰূপে মানৱকুমাৰ ডেকা আৰু সাধাৰণ সম্পাদক পদত নয়নজ্যোতি তালুকদাৰ, অতিথি সম্পাদক হিচাপে ভূপেন দাস লগতে সাংস্কৃতিক বিভাগৰ যুটীয়া সম্পাদকদ্বয়ক্ৰমে ভূপেন ভাগৱতী আৰু পলাক্ষী দৌল বৰুৱাক দায়িত্ব অৰ্পণ কৰা হয় । আনহাতে সাংবাদিক মহাসংঘই উক্ত কাৰ্যকৰী সমিতিৰ বৈঠকত একেদৰে প্ৰচাৰ বিভাগৰ যুটীয়া সম্পাদক ৰূপে বুদ্ধ বড়ো আৰু দীপক শৰ্মা, সাহিত্য বিভাগৰ যুটীয়া সম্পাদক হিচাপে ৰুমী ভূঞা, মীনা কলিতাকে ধৰি কাৰ্যকৰী সমিতিৰ সদস্যক্ৰমে হীৰক জ্যোতি কাশ্যপ,লীমা মহন্ত,মৃন্ময় ভট্ট,ৰাজা মেধি,মৃণাল মহন্ত,অভিজিৎ তালুকদাৰ,অৱনী বৰুৱা,শিখা কলিতা, ধ্ৰুৱ কলিতাক লৈ ২২ জনীয়া এক সমিতি গঠন কৰা হয় ।