সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ আজি ৯৬সংখ্যক ওপজা দিন

Pc ETV Bharat

সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ আজি ৯৬সংখ্যক ওপজা দিন

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ আজি ৯৬সংখ্যক ওপজা দিন। ভূপেনদাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰেও জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত পালন কৰিব ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মদিন। ভূপেনদাৰ জন্মদিনটো ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্ট আৰু কলাক্ষেত্ৰ সমাজে পালন সমন্বয় দিৱস হিচাপে পালন কৰিব মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। পুৱা ১০ বজাৰ পৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।আনহাতে, অসম চৰকাৰে ভূপেনদাৰ জন্মদিন উপলক্ষে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। দুপৰীয়া ১.৩০ বজাৰ পৰা জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ। ইফালে, সদৌ অসম ছাত্ৰ সন্থাই মহানগৰীৰ দীঘলীপুখুৰী পাৰত ভূপেনদাৰ জন্মদিন পালন কৰিব। লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পালন কৰা হ’ব অসমীয়াৰ হিয়াৰ আমঠু ভূপেনদাৰ ওপজা দিন।