নেহেৰু পৰিয়াল আৰু দেউতা- দেৱীকা বৰপূজাৰী

Pc Indian National Congress

নেহেৰু পৰিয়াল আৰু দেউতা

কেতিয়া কেনেকৈ দেউতা শিৱপ্ৰসাদ বৰুৱা নেহেৰু পৰিয়ালৰ এজন আপোন মানুহ হৈ পৰিছিল নাজানো। দেউতাৰ বিভিন্ন লিখনী আৰু চিঠি পত্ৰৰ আদান প্ৰদানৰ মাজেদি বা কেতিয়াবা আমাৰ পৰিয়ালৰ মাজত কথা প্ৰসংগত পণ্ডিত জৱাহৰলাল নেহেৰু আৰু জীয়ৰী ইন্দিৰা গান্ধীৰ লগত সঘনে দেখা হোৱা আৰু নানা সভা সমিতিত জাতীয় আলোচনাৰ সময়তে প্ৰায়েই দেউতা বা দেউতাৰ আন আন বন্ধু বান্ধৱৰ মুখত শুনিছিলো।

দেউতাৰ নিজা লিখনীতে পাইছিলো যে,তেওঁ ১৯৩৭ চনত কলিকতাৰ দমদম বিমান থলিত অখিল ভাৰত কংগ্ৰেছৰ সভাপতি পণ্ডিত নেহেৰুক দেখা কৰিছিল। পণ্ডিত নেহেৰুৱে জীয়েক ইন্দিৰা প্ৰিয়দৰ্শিনিক লৈ এলাহাবাদৰ পৰা কলিকতা হৈ ৰেংগুন লৈ যাব বুলি গম পাই দেউতাই ঠিক কৰিলে, নেহেৰুক বিমানথলীতে দেখা কৰিব। সেই সময়ত আমাৰ পেহা ৰাধানাথ বৰুৱা কলিকতাত টেলিগ্ৰাফ ট্ৰেইনিং লবলৈ গৈ মাহ চেৰেক আছিল আৰু দেউতাৰ নলে গলে লগা বন্ধু মহম্মদ খলীলো কলিকতাত পঢ়ি আছিল। তিনিওজনে টেক্সি এখন ভাড়া কৰি দমদমলৈ গ’ল।  যথাসময়ত, নেহেৰু আৰু ইন্দিৰা হাওৰা  ষ্টেচনৰ পৰা বঙ্গদেশৰ ( আজিৰ পশ্চিমবংগ) কংগ্ৰেছ নেতৃবৃন্দৰ সৈতে দমদম পালেহি।  নেহেৰুৱে নিজে মটৰ গাড়ীৰ দুৱাৰ খুলি জীয়েক ইন্দিৰাক হাতত ধৰি নমাই আনিলে।. ইন্দিৰা ক্ষীণ কৈ সৰু ছোৱালী, বগা ফ্ৰক, ভৰিত বগা জোতা। মুখত উজ্জলতা,  চকুত সহজ সৰল আনন্দৰ আভা। দুই বৰুৱা আৰু মহম্মদ খলীলে অসমৰ হৈ বিদায় জনাবলৈ অহা বুলি কলে। নেহেৰুৱে বৰ ভাল পালে আৰু তিনিওকে শলাগিলে।  অসমীয়া শিপিনীয়ে শালত বোৱা ফুলাম গামোচাৰে দেউতাই আদৰিলে। পেহা ৰাধানাথ বৰুৱা আৰু মহম্মদ খলীলে ফুলৰ থোপা উপহাৰ দিলে। সম্ভৱ এয়ে আছিল নেহেৰুৰ লগত দেউতাৰ প্ৰথম দেখাদেখি।
কলিকতাৰ ৱেলিংটন পাৰ্কত কংগ্ৰেছৰ A.I.C.C. সভা বহিছিল। এই সভাত ‘ বন্দেমাতৰম ‘ গীত কংগ্ৰেছৰ জাতীয় সঙ্গীত কৰালৈ হিন্দু মুছলমানৰ মাজত তুমুল তৰ্কাতৰ্কী হৈছিল মাদ্ৰাজৰ ( এতিয়াৰ তামিলনাডু) জনৈকৰমণ আৰু অসমৰ প্ৰতিনিধি হৈ যোৱা দেউতাই মুছলমান প্ৰতিনিধি সকলক তীব্ৰ ভাষাত তিৰস্কাৰ কৰি কৈছিল, ” বন্দে মাতৰম সঙ্গীতৰ কোনো অংগচ্ছেদ হব নোৱাৰে “। ( স্বাধীনতা আন্দোলনৰ বিক্ষিপ্ত কাহিনী, শিৱ প্ৰসাদ বৰুৱা) ….
কলিকতাৰ ছাত্র হৈ থকা দেউতাই কলেজৰ পৰা ‘ এক্সকাৰচন ‘লৈ যাওঁতে এলাহাবাদৰ আনন্দ ভৱন ( এতিয়াৰ স্বৰাজ ভৱন )লৈ গৈ পণ্ডিত নেহেৰুক দেখা কৰিছিল, ১৯৩৭ চনত।
নেহৰুৱে ছাত্ৰ সকলক অধিক মনোযোগেৰে পঢ়া শুনা কৰিবলৈ কৈছিল। কথাৰ মাজে মাজে দেউতাই হেনো বেৰত আৰি থোৱা বিৰাট আকাৰৰ তৈল চিত্ৰ এখন একেৰাহে চাই আছিল। তাকে দেখি নেহৰুৱে দেউতাক সুধিলে, ” Do you know who is he “?
দেউতাই তপৰাই উত্তৰ দিলে ” Yes I know
A proud father of a proud son”…নেহৰুৱে মিচিকিয়াই হাঁহিলে। দেশ স্বাধীন হোৱাৰ পাছত দেউতা সঘনে দিল্লীলৈ যাব লগীয়া হৈছিল। অসমৰ জ্বলন্ত সমস্যা সমূহ যেনে – অসমীয়া ভাষা ৰাজ্যৰ ভাষা ( Assamese as state language ),
ৰাজ্য পুণৰ গঠন ( States Reorganisation )
পান্ডু ত অসমীয়া দলং ( Bridge over Brahmaputra ) , গুৱাহাটীত শোধনাগাৰ  স্থাপন আদিৰ বিষয়ে স্মাৰকপত্ৰ হাতে হাতে বা ডাক যোগে প্ৰেৰণ কৰিছিল।
জালুকবাৰীত হোৱা কংগ্ৰেছ মহাসভাত দেউতাই পণ্ডিত নেহৰুক তেওঁ সম্পাদনা কৰা  চিত্ৰ বিচিত্র Lovely Assam সভা মণ্ডপৰ মঞ্চলৈ গৈ নিজ হাতেৰে দিছিল। নেহৰুৱে হাঁহি এটা মাৰি  কলে  ” It’s really lovely “… নেহৰুৰ কাষত বহি থকা অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই বৰুৱাক নেহৰুৰ লগত চিনাকি কৰি দিলে। নেহৰুৱে মিচিকিয়া হাঁহিৰে কলে ” I know him well. He is an energetic young Indian”- চলিহা গহীন হৈ পৰিল। এই আলোচনী খন দেউতাই মুখ্যমন্ত্ৰী চলিহা আৰু শিক্ষামন্ত্ৰী দেৱেশ্বৰ শৰ্মাই অনুমোদন কৰা ধন আকোৰগোজ বিত্তমন্ত্ৰী ফকৰুদ্দিন আলী আহমদ চাহাবে নামঞ্জুৰ কৰিলে। ফলত ‘বৰদৈচিলা’ও এবছৰ বন্ধ কৰিব লগীয়া হৈছিল।
কলিকতাত পঢ়ি থাকোতে আৰু পাছতো দেউতাই ইন্দিৰা গান্ধীক প্ৰায়ে শান্তি নিকেতন আৰু আন আন ঠাইতো লগ পাইছিল।শৈক্ষিক, সামাজিক, ৰাজনৈতিক আদিৰ আলোচনা কৰিছিল। দুয়োৰে মাজত বেছ বন্ধুত্ব হৈছিল। দেউতাৰ মতে, ‘ ইন্দিৰা গান্ধী অতি নম্ৰ, অমায়িক, শালীনতবোধী নেত্ৰী আছিল। ব্যৱহাৰ বৰ মধুৰ আছিল। কোনোৱে কিবা কলে মন দি শুনিছিল আৰু যিমান পাৰে সহায় সহযোগ আগবঢ়াইছিল।
১৯৬৪ চনত জৱাহৰলাল নেহৰুৰ মৃত্যুত দেউতাই বৰ বেজাৰ পালে আৰু লগে লগেই দিল্লী পালেগৈ। ইন্দিৰা গান্ধীক লগ কৰি শোক প্ৰকাশ কৰিলে।
প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী সভা গঠন কৰিলে। দেউতা প্ৰধান মন্ত্ৰী শাস্ত্ৰীৰ বাসভৱনলৈ গ’ল আৰু হাতজোৰ কৰি হেনো কলে -” শাস্ত্ৰীজী , ইন্দিৰা গান্ধীক কেবিনেটত লব লাগে, পিতৃ মাতৃহীনা বুলি যাতে ভাবিবলৈ দিয়া নহয় “। শাস্ত্ৰীজীয়ে স্বভাৱ সুলভ হাঁহিৰে বৰুৱাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনালে। কেই মাহমান পাছত কেন্দ্রীয় মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হ’ল আৰু ইন্দিৰা গান্ধীক মন্ত্ৰী সভাত লোৱা হ’ল। তথ্য আৰু অনাতাঁৰ দপ্তৰৰ পূৰ্ণাংগ পৰ্যায়ৰ মন্ত্ৰীত্বৰ দায়িত্ব অৰ্পণ কৰা হ’ল।  দেউতাৰ ভাতৃপূৰ্ণ ভূমিকাৰ বাবে ইন্দিৰা গান্ধীয়ে দেউতাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি দেউতালৈ পাছত চিঠি লিখিছিল।
১৯৬৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ বিভাজন ঘটিল। ইন্দিৰা গান্ধী নেতৃত্বত শাসক কংগ্ৰেছ আৰু ছিণ্ডিকেট নেতৃত্বত এছ নিজলিঙ্গপাৰ সংগঠন কংগ্ৰেছ হ’ল। দেউতা সংগঠন কংগ্ৰেছতে থাকিল। দেউতাই কেতিয়াও ব্যক্তিগতভাৱে শাসক কংগ্ৰেছৰ নেতা- নেত্ৰী,  বিধায়ক সংসদক কঠোৰ বা আক্ৰমণাত্মক সমালোচনা কৰা নাছিল। নীতি আৰু আদৰ্শত আঘাত কৰা, প্ৰশাসনত দুৰ্নীতি, অপচয় হৈ ৰাজ ভাণ্ডাৰ খালি কৰা সন্দৰ্ভত হে মাত মাতিছিল। ইন্দিৰা গান্ধীৰ সবল নেতৃত্বক প্ৰশংসা কৰিছিল। বহু কেইজন প্ৰবীন আৰু আগশাৰীৰ কংগ্ৰেছ নেতাৰ প্ৰৰোচনাত পৰিহে ইন্দিৰা গান্ধী বিপদত পৰিছিল আৰু তেখেতে তোষামোদী সকলৰ ওচৰত হাৰ মানিছিল বুলি তেতিয়াৰ একাংশ বাতৰি কাকতত প্ৰকাশ পাইছিল।
১৯৭৫ চনত দেশত আভ্যন্তৰীণ জৰুৰী শাসন প্ৰৱৰ্তন কৰা হৈছিল আৰু কাৰাগাৰত ভৰোৱা হৈছিল। প্ৰবীণ, নবীন- ভালেমান শীৰ্ষ স্থানীয় নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাৰাগাৰত ভৰাই থৈছিল। মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, ন্যায়ালয়ৰ কৰ্তৃপক্ষৰ ওপৰতো প্ৰভুত্ব চলোৱা হৈছিল। গণতন্ত্ৰক ভাঙি চিঙি চুৰমাৰ কৰা হৈছিল। সভা সমিতি, ধৰ্মঘট আদিক বেআইনি ঘোষণা কৰা হৈছিল।জৰুৰীকালীন ঘোষণাৰ কাৰণবোৰ আছিল, অধিক দাম, লাভখোৰ, নেতা নেত্ৰীৰ বিকৃত বিবৃত্তি, মজুতকৰণ, শাসক কংগ্ৰেছক গালি  শপন আৰু প্ৰধান মন্ত্ৰীক পিশাচিনী সজাই নিৰ্লজ্জ কৰা ছবি প্ৰকাশ। এইবোৰে গণতন্ত্ৰৰ নামত অৰাজকতাৰ সৃষ্টি কৰিছিল। গতিকে, জৰুৰীকালীন শাসনৰ বমাধ্যমে প্ৰকাশ কৰা  প্ৰকৃত হোতা সকল আছিল — সিদ্ধাৰ্থ শংকৰ ৰায়, অশোক সেন, আব্দুল গণি খান,, ধৱন,  সীতানাথ কেশৰী, দেৱকান্ত বৰুৱা, অৰ্জুন সিং, ,,মইনুল হক চৌধুৰী, প্ৰণৱ মুখাৰ্জী,, মোহচিনা কিডৱাই আদি। বাতৰিত প্ৰকাশ পোৱা মতে, ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদে জৰুৰীকালীন প্ৰবৰ্তনৰ পক্ষে নাছিল কিন্তু  শক্তিশালী গোটটোৰ আৰু সঞ্জয় গান্ধীৰ হস্তক্ষেপত হে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন শাসনৰ বাবে স্বাক্ষৰ কৰিছিল বুলি এচাম ধীৰ, স্থিৰ চেতনা সম্পন্ন নেতা নেত্ৰীয়ে  মন্তব্য কৰা বুলি বাতৰি কাকতত প্ৰকাশ পাইছিল।
দেউতা আছিল অসমৰ সংগঠন কংগ্ৰেছৰ সভাপতি। আৰু সেয়েহে দেউতাক গ্ৰেপ্তাৰ কৰিবলৈ সকলো ব্যৱস্থা লোৱা হৈছিল। অসম চৰকাৰৰ গৃহ দপ্তৰে যুগতোৱা ৬০/৭০ লোকৰ এখন তালিকাত দেউতাৰ নাম এক নম্বৰতে আছিল (আচাম ট্ৰিবুনৰ ওচৰত সম্ভাব্য গ্ৰেপ্তাৰৰ তালিকাত স্বৰ্গীয় গিৰিশ চন্দ্ৰ শৰ্মাৰ পৰা পোৱা তথ্য ) লগে লগেই অসমৰ ভালে কেইজন আগশাৰীৰ নেতা নেত্ৰীক গ্ৰেপ্তাৰ কৰা হ’ল । কিন্তু দেউতাক কোনো প্ৰকাৰে হাৰশাস্তি বা গ্ৰেপ্তাৰ কৰিবলৈ দিয়া নহৈছিল।ভাৰত চৰকাৰৰ RAW ৰ বিষয়াসকল আহি  নিশা ১/২ বজাত আমাৰ গুৱাহাটিৰ ভঙাগৰৰ বাস ভৱনত উপস্থিত হৈছিল আৰু  অসমৰ ৰাজনৈতিক দৃশ্যপটৰ বুজ লৈছিল। শুনামতে,  R A W ৰ বিষয়াসকলে দেউতাৰ বিপক্ষে কেন্দ্ৰ গৃহ দপ্তৰত কোনো কথা কোৱা নাছিল। দেউতাৰ অন্যতম আত্মিক বন্ধু ভূতপূর্ব মুখ্যমন্ত্ৰী স্বৰ্গীয় শৰৎ চন্দ্ৰ সিংহই কোনোপধ্যে দেউতাক অপকাৰ কৰা ব্যৱস্থা লবলৈ দিয়া নাছিল। জৰুৰীকালীন অৱস্থাত দেউতা যদিও গ্ৰেপ্তাৰ হোৱা নাছিল, দিনটোত আমাৰ ঘৰত  চোৰাংচোৱা আৰু আৰক্ষীয়ে পিয়া পি দি আছিল। তদুপৰি, শাসক কংগ্ৰেছৰ কোনো কোনো দালালে ও দেউতাক গ্ৰেপ্তাৰ কৰি দেউতাৰ সা সম্পত্তি  হস্তক্ষেপ কৰাৰো ভূ পোৱা গৈছিল।  দেউতাই আহ্বান কৰা সভা বোৰ আৰু কাগজত লিখা চোকা বিবৃতি সঁচা নে মিছা- তাৰ কৈফিয়ত লবলৈকো আৰক্ষী দলৰ বিশেষ শাখাই আওপকীয়াকৈ দেউতাক হাৰাশাস্তি কৰিছিল।  দেউতাই কাৰোবাক কোৱা শুনিছিলো যে, ‘কাৰাগাৰত থকা সকলতকৈ বাহিৰত থাকি তেখেতে বেছি দুৰ্যোগৰ সন্মুখীন হৈছিল আৰু বেছি অশান্তিত জীৱন যাপন কৰিব লগীয়া হৈছিল “।  সেইদৰে অসমৰ আন এজন নেতা, স্বৰ্গীয় লক্ষ্যধৰ চৌধুৰীয়েও এনে অশান্তিকৰ জীৱনৰ কথা দেউতাক কৈছিল হেনো।
দেউতা আগেয়ে জেলত থাকোতে  হেনো জেলৰ মাটিত শুইছিল। দেউতাই ভাবিছিল, আকৌ যদি জেললৈ যাব লগীয়া হয় তেতিয়া তো মাটিতে শুব লাগিব ! সেয়েহে  দেউতাই জৰুৰীকালীন সময়ছোৱাত সদায় মাটিতে  শুইছিল। সময়ত এই অৱস্থাৰ সামৰণি পৰিল   আৰু জননায়ক জয়প্ৰকাশ নাৰায়ণ আৰু  গান্ধীবাদী আচাৰ্য কৃপালনীৰ নেতৃত্বত জনতা পাৰ্টি গঠন হ’ল। জনতাৰ ঢৌত জনতা পাৰ্টিয়ে  সংখ্যা গৰিষ্ঠতা লাভ কৰিলে।
উত্তৰ প্ৰদেশৰ ৰাইবেৰিলি সমষ্টিত  জনতা পাৰ্টিৰ  ৰাজ নাৰায়নৰ হাতত ইন্দিৰা গান্ধীয়ে পৰাজয় বৰণ কৰিলে। কেন্দ্ৰত গান্ধীবাদী  মোৰাৰাজী দেশাইৰ নেতৃত্বত মন্ত্ৰীসভা গঠন হ’ল। গৃহমন্ত্ৰী চৌধুৰী চৰণ সিংহই ইন্দিৰা গান্ধীৰ বিচাৰৰ দৃঢ় পদক্ষেপ ললে। প্ৰধান মন্ত্ৰী দেশাই এনে বিচাৰৰ পক্ষপাতী নাছিল কিয়নো এনে বিচাৰে কিবা ভাল ফল দেখুৱাব বুলি তেখেতে  ভবা নাছিল। চৌধুৰী  চৰণ সিং  বৰ দাম্ভিক, ,মইমতিয়া আৰু ঈৰ্ষান্বিত আছিল । কাৰো কথা নুশুনে । দেশৰ এটা বৃহৎ টকাৰ বিনিময়ত গোচৰ হ’ল  আৰু ইন্দিৰা গান্ধী দোষী সাব্যস্ত হোৱাত তেওঁক জেলত ভৰাই হে এৰিলে।
ইন্দিৰা গান্ধীয়ে  প্ৰধান মন্ত্ৰীৰ বৃহৎ চৌহদ এৰি ৱেল্ড ডিঙ ক্ৰিছেন্টৰ সৰু ঘৰ এটাত থাকিবলৈ ললে। ।দেউতা দিল্লীলৈগৈছিল, নৰ্থ ব্লক ৰ ওচৰতে প্ৰাক্তন এম এল এ তিলক গগৈ আৰু শিল্পী প্ৰবীণ ফুকনক লগ পাই ইন্দিৰা গান্ধীক দেখা কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। দুয়ো দেউতাক  কলে  ‘ যাওঁক বৰুৱা, গান্ধীয়ে আপোনাক লগ পালে ভাল পাব ‘।
দেউতাই ৱেল্ডিং ক্ৰিছেন্টৰ বংলাৰ গেট খুলি সোমাই গ’ল। সেই সময়ত ইন্দিৰা গান্ধীক দেখা কৰিবলৈ যোৱা মানুহ নোহোৱাই হ’ল। আৰক্ষী বা সন্তৰিও দেখা নাপালে। ক্ষমতা নাথাকিলে ওচৰত কাকোৱেই পোৱা নাযায়।  এই পৰম্পৰা যুগে যুগে চলি আহিছে আৰু চলি থাকিব। দেউতা যোৱা বুলি গম পাই ইন্দিৰা গান্ধী লৰালৰিকৈ ভিতৰৰ পৰা ওলাই আহি আথে বেথে দেউতাক বহুৱাই খা খবৰ সুধিলে। দেউতাৰ চকুত পৰিল – যেন সেই তাহানিৰ  শাৰী পৰিহিতা দিপলিপ ,সহজ, সৰল দেউতাৰ ভনী জনীহে ! আন আন কথাৰ মাজতে ৰাজনীতিৰ বিষয় ওলালত দেউতাই মাত্ৰ কলে ‘  এইবোৰ সকলো ৰাজনীতিৰ খেল,  উত্থান পতন থাকেই। বেছি চিন্তা কৰি   থাকিব নালাগে, আকৌ ভাল দিন আহিব’ ।
       চাহ জলপান খাই দেউতা আহিবলৈ ওলাল। দেউতাক প্ৰণাম কৰি ইন্দিৰা গান্ধীয়ে  দেউতাক বিদায় দিলে। দেউতায়েও ‘ গড ব্লেছ  য়ু ‘ বুলি ওলাই আহিল। দেউতা, উদাৰ, দয়াৰ সাগৰ, পৰোপকাৰী আৰু সহনশীল আছিল বাবেই হয়তো নেহৰু পৰিয়ালৰ লগত আপোনভাব বজাই ৰাখিব পাৰিছিল
দেৱীকা বৰপূজাৰী
মুম্বাই