বিজেপিৰ সংসদীয় ব’ৰ্ডৰ পৰা বাদ দিলে নীতিন গাডকাৰী, শিৱৰাজ সিং চৌহান

Pc the Indian Express

বিজেপিৰ সংসদীয় ব’ৰ্ডৰ পৰা বাদ দিলে নীতিন গাডকাৰী, শিৱৰাজ সিং চৌহান

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক দলটোৰ সৰ্বোচ্চ সংগঠন সংস্থা সংসদীয় ব’ৰ্ডৰ পৰা বাদ দিয়ে। বি এছ য়েদিয়ুৰাপ্পা, সৰ্বানন্দ সোণোৱাল, ইকবাল সিং লালপুৰা, সত্যনাৰায়ণ জাতিয়া, কে লক্ষ্মণ আৰু সুধা যাদৱক ব’ৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। জে পি নাড্ডাৰ নেতৃত্বত গঠিত ব’ৰ্ডখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজনাথ সিং আৰু অমিত শ্বাহও আছে।