শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “ডেকাগিৰি” নাট মঞ্চস্থ
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ মানদণ্ডৰ সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ সুৰজিৎ একাডেমীয়ে অসমৰ সাংস্কৃতিক জগতলৈ যথেষ্ট অৰিহণা যোগাই আহিছে। যোৱা পঁচিশ বছৰ ধৰি একাডেমীয়ে অভিনয় আৰু পুতলা নাচৰ দুবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম চলাই আছে । দুবছৰীয়া পাঠ্যক্ৰমৰ নিয়ম অনুসৰি শিক্ষাৰ্থী সকলৰ জৰিয়তে পৰীক্ষামূলক এখনি নাট পৰিৱেশন কৰা হয়। সেই হেতুকে আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত শঙ্কৰদেৱৰ শিশু কালৰ আধাৰত ৰচিত “ডেকাগিৰি” নাটখন পৰিৱেশিত হয়। নাট খনৰ ৰচনা আৰু পৰিচালনা কৰে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাই । নাটখনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিশুকালৰ ঐশ্বৰিক শক্তি বিৰাজ মান হৈছিল। বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ ভাৰতৰ অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক বিশাল ব্যক্তিত্ব। তেওঁৰ সাহিত্যিক আৰু কলাত্মক অৱদান আজি অসমত জীৱন্ত পৰম্পৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ এই নাটকৰ জৰিয়তে দেখুওৱা হয়। শ্ৰীমন্ত শংকৰদেৱে অতি কোমল বয়সত পিতৃ-মাতৃ দুয়োকে হেৰুৱাই পেলাইছিল আৰু আইতাক খেৰসুতিয়ে ডাঙৰ-দীঘল কৰিছিল। শংকৰদেৱৰ শৈশৱৰ পৰা আন সকলো শিশুৰ তুলনাত কিছুমান ব্যতিক্ৰমী গুণ আছিল। শংকৰদেৱৰ সৰুৰে পৰা জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ প্ৰতি এক প্ৰকৃত প্ৰেম আছিল। শিশু শংকৰলৈ পাৰ হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত তেওঁৰ ভূমিকা এক ঐশ্বৰিক শক্তি বুলি প্ৰমাণিত হৈছিল। এই নাটকখনত শংকৰদেৱৰ অলৌকিক কৃতিত্ব আৰু শিশু শংকৰদেৱৰ অলৌকিক ঘটনাসমূহ দেখুওৱা হয়। নাটখনত শংকৰদেৱৰ অভিনয় কৰা হাৰ্দিক শৰ্মাৰ অভিনয়ত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত শংকৰদেৱৰ এক ৰূপ দেখি অভিভূত হৈ পৰিছিল দৰ্শক। যেন সঁচাকৈ শঙ্কৰদেৱ পুনৰ ঘুৰি আহিছে তেনে অনুভৱ হৈছিল। বহুজনে নাটখন চলি থকা সময়ত সেৱা জনাইছিল শংকৰদেৱৰ এক ৰূপ দেখি। হাৰ্দিক শৰ্মাই নাট খন সুন্দৰ ভাবে পৰিবেশিত কৰিছিল। শ্ৰী মদ্ভাগৱত গীতাৰ শ্লোক সুন্দৰভাৱে প্ৰক্ষেপণ কৰিছিল লগতে নিজে বৰ তাল বজাই নাম প্ৰসংগ গোৱা দেখি অভিভূত হৈ পৰিছিল সকলো। খেৰসূতী, মহেন্দ্ৰ কন্দলী চৰিত্ৰত অভিনয় কৰা ধ্ৰুৱ জ্যোতি কলিতা, সীমা দেৱীৰ অভিনয়ে দৰ্শকক মুগ্ধ কৰি তুলিছিল। শিশু চৰিত্ৰত অভিনয় কৰা কৃষ্টি ৰাজবংশী, পলক কৈৰী, প্ৰজ্ঞান বৰুৱা আৰু প্ৰাতিক্ষ্যা বৰুৱাৰ অভিনয় সুন্দৰ হৈছে। নাট খনত কিছু দৃশ্য পুতলাৰ নাচৰ মাধ্যমত দেখুওৱা হৈছিল। পুতলা সমূহ সঞ্চালন কৰিছিল গীতিমা দাস, তৃষ্ণা ৰাজবংশী আৰু প্ৰণৱ জ্যোতি ৰাভাই। সাজ সজ্জাত তৃষ্ণা ৰাজবংশী প্ৰশংসাৰ যোগ্য। সম্পুৰ্ণ অসমীয়া সাজ পাৰৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ সাজপোছাক দাঙি ধৰিব পাৰিছে। বিনীতা দেৱীয়ে কলা নিৰ্দেশনা তথা মঞ্চ সজ্জা সুন্দৰকৈ প্ৰতিফলিত কৰিব পাৰিছে। প্ৰতিতো দৃশ্য সুন্দৰকৈ উপস্থাপন কৰিছে। বাদ্যযন্ত্ৰত গৌতম শইকীয়াৰ বাঁহীৰ মাতে নাটক খনৰ গতি ধাৰা সুন্দৰকৈ প্ৰতিফলিত কৰিছে। সঙ্গীতত হলীৰাম বৰ বায়ণৰ সফলতা দাবী কৰিব পাৰি। নাটখনৰ ৰচক আৰু পৰিচালকৰ এই মহান সৃষ্টি প্ৰসংশনীয়। মহাপুৰুষ শংকৰদেৱৰ শৈশৱ মঞ্চত উপস্থাপন কৰাত সকলো সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, বুদ্ধিজীৱী সকলে সীমান্ত শৰ্মাক প্ৰশংসা কৰে। নাট কাৰ্যক্ৰমত মুখ্য অতিথি তথা উদ্ধোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ বিত্ত আৰু পৰিকল্পনাৰ সঞ্চালক বাবুল বৰা আৰু বিশিষ্ট অতিথি হিচাপে কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৃষীকেশ বৰুৱা উপস্থিত থাকে । বাবুল বৰাই নাটখন দেখি অভিভূত হৈ পৰে। তেওঁ নাট খন পৰিচালক সীমান্ত শৰ্মাক প্ৰশংসা কৰে । লগতে নাটৰ মুখ্য চৰিত্ৰত শংকৰদেৱৰ অভিনয় কৰা হাৰ্ডিক শৰ্মাৰ অভিনয় দেখি আপ্লুত হৈ আঁকোৱালি লয়। লগতে অভিনয়ৰ প্ৰতিটো দৃশ্য দেখি প্ৰসংশা কৰে। অতিথি সকলে এনে এক মহান কাৰ্য্যই অসমৰ বাবে শুভ লক্ষণ। শিক্ষাৰ ক্ষেত্ৰত এই ধৰণৰ নাট বিশেষ অৰিহণা যোগাব আৰু সমাজত আধ্যাত্মিক দিশৰে এক নতুন দিগন্ত সূচনা হব বুলি বক্তব্য দাঙি ধৰে। নাটৰ এই আধ্যত্মিক পৰিৱেশৰ কাৰ্যক্ৰম আঁত ধৰে ৰূপক বৈশ্যই।