বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ হিন্দু যুৱ-ছাত্ৰৰ

Pc NEN Network

বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ হিন্দু যুৱ-ছাত্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ৰাজপথত জ্বলিল বিধায়ক শ্বেৰমান আলীৰ পুওলিকা। যোৱা ৩১ জুলাইত এটা বৈদ্যুতিন মাধ্যমত জেহাদীক সমর্থন কৰিবলৈ গৈ দক্ষিণপাট গৃহশ্রমী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘৰ ৰাজ্যিক অধ্যক্ষ জনার্দন দেৱগোস্বামীৰ সম্পৰ্কে কৰা তাচ্ছিল্যসূচক মন্তব্যৰ বাবে বিশ্ব হিন্দু মহাসংঘৰ ভাতৃ সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে ৰাজপথত বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰে। “শ্বেৰমান আলীয়ে-জেহাদীৰ দালালী বন্ধ কৰক “শ্বেমান-আমিনুল হুছিয়াৰ”, “জেহাদী হুছিয়াৰ”, “অসমক ইছলামিকস্তান হ’বলৈ নিদিওঁ”, ইত্যাদি শ্লোগানেৰে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰে সংগঠনটোৰ নেতা আৰু সদস্যসকলে। শ্বেৰমান আলীক জেহাদীৰ হৈ দালালী বন্ধ কৰিবলৈ সকিয়াই দি পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে শ্বেৰমান আমিনুলে পাকে-প্ৰকাৰে জেহাদীক সমর্থন কৰি আছে। একাংশ মুছলমান নেতাই এতিয়া জেহাদীৰ পক্ষত থিয় দিয়া দেখিবলৈ পোৱা গৈছে। গতিকে অসমত জেহাদী নির্মূল কৰিবলৈ হলে এইচাম নেতাক কৰায়ত্ব কৰি থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰি জেৰা কৰিব লাগে বুলিও চৰকাৰক পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে চৰকাৰক দাবী জনায়। প্রায় কুৰিগৰাকী সদস্য কাৰ্যকৰ্তাৰ উপস্থিতিত পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ কেন্দ্রীয় মুখ্য সাংগঠনিক সম্পাদক বিটুমণি গগৈ, সাংগঠনিক সম্পাদক হেমন্ত বৰুৱা, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি বিকি বৰুৱা আৰু সাধাৰণ সম্পাদক বিকাশ ৰাজবংশী লগতে বহুকেইজন নেতা কর্মীও উপস্থিত থাকে।