ন্যায়িক আয়োগৰ জাননী এপিএছচিৰ ১১ কেলেংকাৰি ব্যক্তিলৈ

Pc- The Sentinel

ন্যায়িক আয়োগৰ জাননী এপিএছচিৰ ১১ কেলেংকাৰি ব্যক্তিলৈ

ৰঙিলী বাৰ্ত্তাসেৱা- অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মাৰ নেতৃত্বত গঠিত ন্যায়িক আয়োগে অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০১৪ বৰ্ষত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়মৰ তদন্ত পূৰ্ণগতিত আগবঢ়াই নিছে । মঙলবাৰে আয়োগৰ অনিয়মত নাম সাঙোৰ খাই পৰা আন ১১ জন বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়ালৈ জাননী জাৰি কৰিছে ন্যায়িক আয়োগে । ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চৈবুৰ ৰহমান বৰভূঞা, মণিকা টেৰণপী, লীনা কৃষ্ণ কাকতি, দীপশিখা ফুকন, উৎপল ভূঞা, বৰ্ণালী দাস, গুলছন দাউলাগাপু, সুশোভন দাস, শ্ৰাৱণী সেনগুপ্তা, প্ৰসেনজিৎ কুমাৰ ঘোষ আৰু সুৰঞ্জিতা হাজৰিকালৈ এই জাননী জাৰি কৰা হৈছে।