বৃদ্ধি হ’ল দুগ্ধজাত সামগ্ৰীৰ দাম 

Pc Tribune India

বৃদ্ধি হ’ল দুগ্ধজাত সামগ্ৰীৰ দাম 

ৰঙিলী বাৰ্ত্তাসেৱা- বৃদ্ধি হ’ল গাখীৰৰ দাম।প্ৰতি লিটাৰ গাখীৰত ৪ টকাকৈ বৃদ্ধি পালে।গো পালক আৰু গাখীৰ বিক্ৰেতা সন্থাই ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।গুৱাহাটী দুগ্ধ ব্যৱসায় সন্থাই এই মূল্য বৃদ্ধিত সমৰ্থন জনাইছে।পূৰ্বে এক লিটাৰ গাখীৰৰ পাইকাৰী মূল্য আছিল ৫৩.৪০ টকা।এতিয়া প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ’ব ৫৭.৪০ টকা।আজিৰে পৰা গ্ৰাহকে প্ৰতি লিটাৰ গাখীৰ ৬০ টকাত ক্ৰয় কৰিব লাগিব।গাখীৰৰ দাম বৃদ্ধি হোৱাৰ লগে লগে দুগ্ধজাত যি সমূহ সামগ্ৰী আছে সেই সমূহ সামগ্ৰিৰো দাম বৃদ্ধি হ’ব।গাখীৰৰ দাম বৃদ্ধি হোৱাৰ লগতে গাখীৰৰ পৰা প্ৰস্তুত কৰা মিঠাই, পনীৰ,দৈ ,ক্ৰীম আদি সকলোৰে দাম বৃদ্ধি হোৱাটো সম্পূৰ্ণ সম্ভাৱনা আছে।