জি এম চি হাস্পতালত মইনা নায়কৰ কাষত অসম জাতীয় পৰিষদ

জি এম চি হাস্পতালত মইনা নায়কৰ কাষত অসম জাতীয় পৰিষদ

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰত ১৯ জুলাইৰ নিশা ছিটিছি মেচনত সোমাই গৈ দুৰ্ঘটনাত পতিত হোৱা মইনা নায়ক নামৰ ২৪ বছৰীয়া শ্ৰমিকগৰাকীৰ অৱস্থাৰ বুজ লবলৈ আজি পুৱাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় অসম জাতীয় পৰিষদৰ এটি প্ৰতিনিধি দল৷ দলটোত আছিল উপ সভাপতি দুলু আহমেদ, সম্পাদক ৰাজু ফুকন, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, যুটীয়া সম্পাদক শিশিৰ দেব কলিতা, জাতীয় মহিলা শক্তিৰ সম্পাদিকা বুলুমণি গগৈ, জাতীয় যুৱ শক্তিৰ সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইন আদি৷ তেওঁলোকে প্ৰথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাক সাক্ষাৎ কৰি নায়কৰ চিকিৎসাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ বুজ লয়৷ তাৰ পিছত শৈল চিকিৎসা বিভাগৰ আই চি ইউলৈ গৈ প্ৰতিনিধি দলটোৱে চিকিৎসা ব্যৱস্থা তদাৰক কৰে৷ তেওঁলোকে চিকিৎসাধীন যুৱতীগৰাকীৰ আত্মীয়ৰ লগতো কথা পাতে৷ হাস্পতালৰ অধীক্ষক ডাঃ শৰ্মাই জনায় যে যুৱতীগৰাকীৰ অৱস্থা বৰ্তমানে সুস্থিৰ হৈ আছে আৰু তেওঁক চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ লৈ যোৱাৰ প্ৰয়োজন নাই৷ইফালে চাহ জনগোষ্ঠীয় মহিলাগৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ শাসক দলৰ কোনো এগৰাকী মন্ত্ৰী বিধায়ক তেতিয়ালৈকে হাস্পতালত উপস্থিত নোহোৱা আৰু গুৰুতৰভাৱে অসুস্থ যুৱতীগৰাকীক এখন ভগা-ছিগা সাধাৰণ টাটা ছুম’ এম্বুলেন্সেৰে সুদূৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা ঘটনা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে৷ প্ৰতিনিধি দলটোৰ হৈ উপসভাপতি দুলু আহমেদে কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ উপলক্ষত বিজেপিৰ চাহ জনগোষ্ঠীয় নেতাসকলে স্বজনগোষ্ঠীৰ স্বাধীকাৰ আৰু স্বাভিমানৰ বিষয়ত বৰ বৰ কথা কৈ থকা সকলোৱে দেখিছে৷ কিন্তু তেওঁলোকৰ স্বজনগোষ্ঠীয় এগৰাকী সাধাৰণ শ্ৰমিকৰ বিপদৰ সময়ত তেওঁলোকৰ কোনো এগৰাকীয়ে আহৰি নাপালে৷ আনহাতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত যুৱতীগৰাকীৰ উপযুক্ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা নথকাত গুৱাহাটীলৈ প্ৰেৰণ কৰিবলগীয়া হোৱা আৰু এখন ভাল এম্বুলেন্সৰ ব্যৱস্থা কৰিব নোৱাৰাটোতে চৰকাৰী স্বাস্থ্যখণ্ডৰ আচল ছবিখন উন্মোচিত হৈ পৰা বুলিও আহমেদে মত প্ৰকাশ কৰে৷