গৌতম আদানী বিল গেটছক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হৈ পৰিছেঃ ফৰ্বছ
ৰঙিলী বাৰ্ত্তাসেৱা- ফৰ্বছৰ মতে, গৌতম আদানীয়ে বিল গেটছক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হৈ পৰিছে। মাইক্ৰছফ্টৰ সহ-প্ৰতিষ্ঠাপকে তেওঁৰ অলাভজনক বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনক ২০ বিলিয়ন ডলাৰ দান কৰাৰ পৰিকল্পনা ঘোষণা কৰাৰ পিছত বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তেওঁ বিশ্বৰ পঞ্চমজন ধনী ব্যক্তি হৈ পৰে। গেটছৰ মুঠ সম্পত্তি এতিয়া ১০২ বিলিয়ন ডলাৰৰ অধিক, আনহাতে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীৰ সম্পত্তি ১১৪ বিলিয়ন ডলাৰতকৈও অধিক।
