চাংৱন শ্বুটিং বিশ্বকাপত ভাৰতৰ অঞ্জুম মৌদগিলৰ ব্ৰঞ্জৰ পদক লাভ
ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কোৰিয়াৰ চাংৱনত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্বকাপত ভাৰতৰ অঞ্জুম মৌদগিলে মহিলাৰ ৫০ মিটাৰ ৰাইফল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে। অঞ্জুমে চূড়ান্ত ৰাউণ্ডত ৪০২.৯ শ্বট কৰি তৃতীয় স্থান লাভ কৰিছিল। এয়া হৈছে ২৮ বছৰীয়া অঞ্জুমৰ ২০২২ চনৰ দ্বিতীয়টো পোনপটীয়া ব্যক্তিগত বিশ্বকাপ পদক। অঞ্জুমে যোৱা মাহত বাকু বিশ্বকাপত একেটা ইভেণ্টত ৰূপৰ পদক জিকিছিল।
