নগাঁও পেপাৰ মিল আৰু কাছাৰ পেপাৰ মিলৰ প্ৰাক্তন কৰ্মচাৰীসকলক সাহায্য পেকেজ বিতৰণ মুখ্যমন্ত্ৰীৰ

নগাঁও পেপাৰ মিল আৰু কাছাৰ পেপাৰ মিলৰ প্ৰাক্তন কৰ্মচাৰীসকলক সাহায্য পেকেজ বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰায় ৫-৬ বছৰে কোনো সমস্যাৰ সমাধান নোপোৱা নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ সমস্যা সমাধান কৰিলে ৷শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কল দুটা বন্ধ হৈ পৰাৰ সময়লৈ অনাদায় দৰমহাৰ চে’ক্‌ বিতৰণ কৰাৰ পাছত কৰ্মচাৰীৰ মুখত বিৰিঙিল হাঁহি৷হিন্দুস্তান কাগজ নিগমৰ মুঠ ২৭৫১গৰাকী কৰ্মচাৰীয়ে অনাদায় দৰমহা, গ্ৰেচুইটী, পেঞ্চন আদিৰ বাবত মুঠ ৮১০ কোটি টকাৰ সাহায্য পুঁজি লাভ কৰিব৷ আনহাতে, কাগজ কল দুটাত নিয়োজিত কৰ্মচাৰীসকলৰ মাজত যিসকল চৰকাৰী চাকৰি কৰিব পৰাকৈ উপযুক্ত হৈ আছে তেওঁলোকৰ ভিতৰৰ পৰা ৮৪জনক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিয়োগ কৰিব৷ আজি অনুষ্ঠিত অনুষ্ঠানত কৰ্মচাৰীসকললৈ চে’ক্‌ বিতৰণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজিৰ দিনটো ৰাজ্যখনৰ বাবে এক অত্যন্ত ইতিবাচক দিন৷ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেড [লিকুইডেটেড]ৰ প্ৰাক্তন কৰ্মচাৰী আৰু কৰ্মীসকলৰ বাবে অসম চৰকাৰৰ আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়া আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ল৷ প্ৰায় এবছৰ ধৰি ৰাজ্য চৰকাৰে চলোৱা প্ৰচেষ্টাই আজি সফলতাৰ মুখ দেখিলে৷ বিগত বৰ্ষৰ ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ বাবে ৭০০ কোটি টকাৰ এক সাহায্য পেকেজত অনুমোদন জনাইছিল৷ আনহাতে, চলিত বৰ্ষৰ ১১ মে’ত এইচ পি চি এলৰ অংশীদাৰসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ আলোচনা মৰ্মে চৰকাৰে পূৰ্বে ঘোষণা কৰা ৭০০ কোটি টকাৰ সাহায্য পুঁজিৰ উপৰি কৰ্মচাৰী আৰু কৰ্মীসকলৰ গ্ৰেচুইটী পেমেণ্টৰ বাবে অতিৰিক্ত ১১০ কোটি টকা প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ ফলত ৮১০ কোটি টকাৰ এই সাহায্য পুঁজিয়ে কাগজ কল দুটাৰ ২০০৩গৰাকী নিয়মীয়া কৰ্মচাৰী আৰু ৭৪৮গৰাকী ঠিকাভিত্তিক কৰ্মীকে ধৰি সৰ্বমুঠ ২৭৫১গৰাকী কৰ্মচাৰীক উপকৃত কৰিব৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে এই সাহায্য পেকেজৰ অধীনত ২৫ কোটি টকাৰ বৰ্ধিত পুঁজিৰে এইচ পি চি এলৰ প্ৰাক্তন কৰ্মচাৰী আৰু ছুপাৰভাইজাৰ ৱেলফেয়াৰ ফাণ্ড গঠন কৰা হ’ব৷ এই ন্যাসৰ পুঁজিৰ পৰা বছৰি লাভ কৰা সুতৰ টকা কৰ্মচাৰীসকলৰ চিকিৎসা, শৈক্ষিক আৰু সামাজিক সুৰক্ষাৰ দিশত ব্যয় কৰা হ’ব৷  সাহায্য বিতৰণৰ সমান্তৰালভাৱে কাগজ কল দুটাৰ ৮৪গৰাকী নিয়োগযোগ্য কৰ্মচাৰীক যোগ্যতাৰ ভিত্তিত ৰাজ্য চৰকাৰৰ অধীনত পুনৰ সংস্থাপন প্ৰদানৰ ব্যৱস্থা হাতত লোৱাৰ কথাও তেওঁ কয়৷আজি এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এনে ৬৬ জন কৰ্মচাৰীক নিযুক্তি পত্ৰ বিতৰণ কৰে।লক্ষণীয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্য চৰকাৰৰ মিলসমূহৰ ৮৪ জন যোগ্য প্ৰাক্তন কৰ্মচাৰীক নিযুক্তি প্ৰদানৰ বাবে পদক্ষেপ আৰম্ভ কৰিছে, মুখ্যমন্ত্ৰীয়ে আজি এই অনুষ্ঠানত এনে ৬৬ জন কৰ্মচাৰীক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, পৰিমল শুক্লবৈদ্য, অজন্তা নেওগ, যোগেন মহন, ৰঞ্জিত কুমাৰ দাস, সঞ্জয় কিষাণ, ইউ জি ব্ৰহ্ম, বিমল বড়া, পীয়ুষ হাজৰিকা, নন্দিতা গাৰ্লোছা, এ আই ডি চিৰ অধ্যক্ষ আৰু বিধায়ক প্ৰশান্ত ফুকনৰ উপৰি শীৰ্ষ বিষয়াসকল, কাগজ কলৰ কৰ্মচাৰীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷