জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা

Pc The Guardian

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা

ৰঙিলী বাৰ্ত্তাসেৱা- জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। নাৰা চহৰত এখন সভাত ভাষণ দি থকা সময়তে পিছফালৰ পৰা গুলীচালনা কৰে দুৰ্বৃত্তই। গুৰুত্বৰভাৱে আহত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীজন। শ্বিনজো আবেক নাৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে কয় যে তেওঁলোকে শ্বিনজো আবেক হত্যাৰ চেষ্টা চলোৱা লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক সোধা-পোছা কৰি আছে।লোকজনৰ বয়স ৪০ বছৰ আৰু তেওঁৰ পৰা এটা বন্দুক জব্দ কৰা হৈছে। স্থানীয় আৰক্ষীয়ে এতিয়াও ঘটনাটোৰ ওপৰত আনুষ্ঠানিক বিবৃতি দিয়া নাই।