মগজুৰ আহাৰ- দেৱীকা বৰপূজাৰী

Pc- harvard Health

মগজুৰ আহাৰ

ইংৰাজীৰ পৰা অনুবাদ কৰি আগবঢ়ালো
বয়সৰ লগে লগে আমাৰ মগজো বয়সীয়া হৈ পৰে, গতিকেই সুষম আহাৰ খোৱা অতিকৈ প্ৰয়োজন। মগজুৰ স্বাস্থ্যৰ বাবে আমি কি কি খাওঁ, সেয়া অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আমাৰ অংগই পোৱা ২০% কেলৰি মগজুলৈ গৈ জমা হয়। সেইবাবে এইটো বৰ দৰকাৰী যে আমাৰ মগজু আমি কিদৰে সক্ষম কৰি ৰাখিব পাৰো।আমাৰ দৈনন্দিন খাদ্য তালিকাত মগজুৰ কাম সুৰক্ষিত ৰাখিবলৈ আৰু দীঘলীয়া ভাবে ই কার্যক্ষম হৈ থকাৰ লগতে বয়সৰ লগত অহা নানা ধৰণৰ উপসৰ্গ কমাই ৰাখিবলৈকে চকু দিব লাগে- আমি কি খাইছো !
      আমেৰিকাৰ হাৰৱাৰ্ড (Harvard ) ত পুষ্টি কাৰক মনোবৈজ্ঞানীক হিচাবে কাম কৰা আৰু প্ৰসিদ্ধ লেখক ডঃ উমা নাইডু ৰ মতে, ‘ যদি আমি আমাৰ মগজু সুস্থ আৰু তৰুণ ভাবে ৰাখিব খোজো তেনেহলে অন্ততঃ পাঁচ বিধ খাদ্যৰ প্ৰতি সততে লক্ষ্য ৰখা প্ৰয়োজন।
মছলা —
হালধি, কম পৰিমাণে জালুক, দালচিনি, কেশৰ, ৰজমেৰি ( Rosemary, গোলাপৰ পাহিৰে তৈয়াৰ কৰা এক গুৰুত্বপূৰ্ণ brain boosting element ) আৰু  আদা (ginger ) য়ে আমাৰ মগজু সুস্থ আৰু স্মৃতি শক্তি বৰ্তি থকাত যথেষ্ঠ সহায় কৰে। লগতে আমাৰ চিন্তাশক্তি, শিকিবলৈ স্পৃহা, কথা পতকৈ বুজিবলৈ আৰু মনত ৰখাটো বঢ়াবলৈকো এই মছলা সমূহৰ অৱদান বহুত।
Extra Virgin Olive oil —-
এই অলিভ বা জলফাইৰ তেলে Alzhemer  হোৱাত বহু পৰিমানে বাধা দিয়ে। এই তেলে পৰিবৰ্তনকাৰি মুক্ত (free radical damage) আৰু ক্ষতিসাধন কৰাত বাধা দিয়ে- ইয়াত থকা E আৰু C ভিটামিনৰ বাবে।
Omega -3
আমাৰ দেহৰ আন অংশৰ দৰে মগজুৰ বিকাশৰ বাবে এই অমেগা-৩ ত থকা চৰ্বিযুক্ত দ্ৰাৱকে বহু খিনি অৰিহণা যোগায় আহিছে। Omega 3 বেছি ধৰণে পোৱা  যায় সাগৰীয় মাছত কিন্তু আমি খাই থকা নদীৰ মাছ বোৰতো Omega 3 নোহোৱা নহয়।  Omega 3 বিভিন্ন বীজ যেনে ৰঙালাও ৰ গুটি আৰু শুকান ফলৰ পৰাও পোৱা যায়।
Omega 3 ফেটি এচিড মগজুৰ স্বাভাৱিক কামকাজৰ বাবে বৰ প্ৰয়োজন – জীৱনৰ সকলো স্তৰতে ! বয়সীয়া লোকৰ ক্ষেত্ৰত Omega 3 ৰ অভাৱে মগজুৰ আকাৰ সৰু কৰিব পাৰে
সেউজীয়া শাক পাচলি —
স্বাস্থ্য ভালে ৰাখিবলৈ আৰু মগজুৰ স্বাস্থ্যও ঠিকে ৰাখিবলৈ সেউজীয়া শাক পাচলি থকা ভিটামিন আৱশ্যকীয় খাদ্য।
বিভিন্ন ৰঙৰ পাচলি —
দৈনিক বিভিন্ন ৰঙৰ পাচলি আমি আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা বৰ দৰকাৰ কাৰন এইবোৰত থকা পুষ্টিয়ে মগজুৰ বিকাশত সহায় কৰে। এনেয়েও নিৰামিষ আহাৰত সন্দেহ কৰিব লগীয়া একোৱেই নাথাকে।
দেৱীকা বৰপূজাৰী
মুম্বাই