জন্ম শতবৰ্ষত কালান্তৰৰ কবি অমূল্য বৰুৱাক “কমনমেন”ৰ স্মৰণ

জন্ম শতবৰ্ষত কালান্তৰৰ কবি অমূল্য বৰুৱাক “কমনমেন”ৰ স্মৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  কালান্তৰৰ কবি অমূল্য বৰুৱাৰ জন্ম শতবৰ্ষ “কমনমেনে” দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ১৯২২ চনৰ ৩০ জুনত জন্মগ্ৰহণ কৰা ক্ষণজন্মা কবি গৰাকীৰ শতবৰ্ষীয় ওপজা দিন উপলক্ষে আজি গুৱাহাটীৰ হাতীগাঁৱস্থিত কাৰ্যালয় প্ৰসংগণত অনুষ্ঠিত এক স্মৃতি চাৰণ অনুষ্ঠানত সভাপতিত্ব কৰে “কমনমেনৰ” মুখ্য আহ্বায়ক আজিজুৰ ৰহমান শইকীয়াই। মাহিৰা শইকীয়াই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটি শিল্পীকা চমুৱাই পৰিবেশন কৰা চৈয়দ আব্দুল মালিক‌ ৰচিত “জীৱনে মৰণে মই চিৰদিন অসমীয়া” শীৰ্ষক গীতটিৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মহেন্দ্ৰ ডেকা আৰু আলেখ্য হাজৰিকাই অমূল্য বৰুৱাৰ জীৱনাদৰ্শ আৰু কৰ্মৰ বিষয়ে বিস্তৃত আলোকপাত কৰে। অনুষ্ঠানত প্ৰণামি অধিকাৰী, দিব্যজ্যোতি মালাকাৰ, স্নেহপ্ৰিয়ম শৰ্মা আৰু মামণি দাসে অমূল্য বৰুৱাৰ কবিতা পাঠ কৰে। সভাপতিৰ আসনৰ পৰা দিয়া ভাষণত আজিজুৰ ৰহমান শইকীয়াই কয়— অসমীয়া সাহিত্যক বিপুল ভাবে সমৃদ্ধ কৰা অসমীয়া সাহিত্যৰ প্ৰগতিশীল ধাৰাটোৰ উন্মোচক সকলৰ অন্যতম, আধুনিক অসমীয়া কবিতাৰ নতুন দিগন্ত মুকলি কৰোঁতা কবি অমূল্য বৰুৱাই ক্ষণিকৰ জীৱনটোৰ এমুঠি কবিতাৰেই অপূৰ্ব স্বাক্ষৰ ৰাখি গ’ল। ২৪ বছৰ বয়সত সাম্প্ৰদায়িক জিঘাংসাৰ বলি হৈ প্ৰাণ হেৰোৱা কবি গৰাকী কেইটিমান কবিতাৰেই মৃত্যুৰ ৪৬ বছৰৰ পিছতো সমাদৃত আৰু জনপ্ৰিয় হৈ থকাটো সাধাৰণ কথা হ’ব নোৱাৰে। মহান মানৱতাবাদী অমূল্য বৰুৱা অসমীয়া ভাষা আৰু অসমীয়া জাতিটো জীয়াই থকা পৰ্যন্ত আমাৰ মাজত জীয়াই থাকিব।