কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিট

Pc The Janambhumi

কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত মাৰপিট

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ কটনৰ ঐতিহ্যত কালিমা।কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত কালি নিশা সংঘটিত হয় মাৰপিটৰ ঘটনা৷ বিশ্ববিদ্যালয়খনৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস আৰু ৰজনী কান্ত বৰদলৈ হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা সংঘটিত হয়।এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলতে সৃষ্টি হ’ল এই ঘটনা।অভিযোগ মতে, কটন বিশ্ববিদ্যালয় শ্বহীদ মোজাম্মিল হকৰ ছাত্ৰাৱাসৰ আৱাসীক আৰ কে বি হোষ্টেলৰ ছাত্ৰই মাৰপিট কৰা লগতে হোষ্টেলটোৰ যথেষ্ট ক্ষতি কৰে।ইটা আৰু বিয়েৰৰ বটল লৈ হোষ্টেলটোৰ কোঠাৰ দুৱাৰ-খিৰিকীৰ গ্লাছ ভঙাৰ লগতে যথেষ্ট ক্ষতি কৰাৰ অভিযোগ উঠিছে৷মাৰপিটৰ ঘটনাত কেইবাগৰাকীও ছাত্ৰ গুৰুতৰভাৱে আহত হয়।এজনৰ মূৰ ফালাৰ ফলাত ১৬ টাকৈ চিলাই পৰিছে বুলি জানিব পৰা গৈছে।