কচুৱাত বনৰীয়া হাতীৰ উপদ্ৰৱ 

কচুৱাত বনৰীয়া হাতীৰ উপদ্ৰৱ 

খাইৰুল ইছলাম,কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- কচুৱা অঞ্চলত বানৰ তাণ্ডৱ চলি থকাৰ সময়তে অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নগাওঁ জিলাৰ কামপুৰ বন আঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তগত জুৰিৰপাৰত যোৱা নিশা এটা প্ৰকাণ্ড হাতীয়ে অঞ্চলটোত উপদ্ৰৱ চলাই এটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। গাঁও খনৰ আব্দুল ছালাম নামৰ লোকজনৰ বাসগৃহত হাতীৰে প্ৰৱেশ কৰি বহু মুল্যবান সামগ্ৰী বিনষ্ট কৰাৰ লগতে এখন মটৰ চাইকেলক ভাঙি চুৰমাৰ কৰে। লগতে ভৰাঁলৰ ধান খাই বিনষ্ট কৰে বুলি জানিব দিছে। ইপিনে ওৰে নিশা জুৰিৰপাৰ গাঁও খনৰ বিভিন্ন ঠাইত প্ৰকাণ্ড হাতীটোৱে উপদ্ৰৱ চলাই বুলি জানিব পৰা গৈছে।