২৫ জুনৰ পৰা ২৫ জুলাইলৈ ৰাজ্যৰ বিদ্যালয়ত গৰমৰ বন্ধ 

২৫ জুনৰ পৰা ২৫ জুলাইলৈ ৰাজ্যৰ বিদ্যালয়ত গৰমৰ বন্ধ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনত হোৱা বিধ্বংসী বানপৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে যে বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ আগুৱাই দিয়া হৈছে। ২৫ জুনৰ পৰা ২৫ জুলাইলৈ হ’ব গৰমৰ বন্ধ। জনতা ভৱনত এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। মন্ত্ৰীজনে কৈছিল যে বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ সাধাৰণতে ১ জুলাই পৰা আৰম্ভ হয় কিন্তু বানপানীৰ বাবে কেইবাখনো জিলাৰ বেছিভাগ বিদ্যালয় বন্ধ হৈ আছে।  তেওঁ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলৰ সুবিধাৰ বাবে একেই আদেশ পালন কৰিবলৈ আহ্বান জনায়।