কচুৱা প্ৰেছ ক্লাবৰ উদ্যোগত বিশিষ্ট সমাজ সেৱক তথা লেখক উৎপল বনিয়াৰ জন্ম দিন পালন

কচুৱা প্ৰেছ ক্লাবৰ উদ্যোগত বিশিষ্ট সমাজ সেৱক তথা লেখক উৎপল বনিয়াৰ জন্ম দিন পালন

খাইৰুল ইছলাম,কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- আজি বিশিষ্ট সমাজ সেৱক তথা লেখক উৎপল বনিয়া জন্মদিন উপলক্ষে গছপুলি ৰূপন কাৰ্যসূচী হাতত লয় কচুৱা প্ৰেছ ক্লাৱে। বিশিষ্ট ব্যৱসায়ী গৰাকীৰ জন্ম দিন উপলক্ষে কচুৱা প্ৰেছ ক্লাবৰ উদ্যোগত নগাঁও জিলাৰ কচুৱাৰ শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানত জন্মদিনো পালন কৰে । জন্ম দিন উপলক্ষে শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানত এখন শৰাই আগবঢ়োয়াৰ লগতে জন্ম দিন উপলক্ষে থান খনত গছ পুলি ৰোপণ কৰে বিশিষ্ট সমাজ সেৱক উৎপল বনিয়াই। আজি এই জন্ম দিন উপলক্ষে অনুষ্ঠানত উপস্থিত থাকে কচুৱা প্ৰেছ ক্লাবৰ সভাপতি বাহাৰুল ইছলাম, শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানৰ পৰিচালনা সমিতিৰ লীলা শইকীয়া উৎপল বনীয়াৰ পিতৃ মাতৃ পত্নী আৰু পুত্ৰ আৰু কচুৱা অঞ্চলৰ বিশিষ্ট গণ্য মান্য ব্যক্তি, আৰু কচুৱা প্ৰেছ ক্লাবৰ সমূহ সদস্য সকল।এই অনুষ্ঠানত উৎপল বনীয়াৰ জন্ম দিন উপলক্ষে কচুৱা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ফুলাম গামোচা আৰু কলমৰে সম্বৰ্ধনা জনাই।