আশাৰ ৰ’দ
আমি আশাবাদত বিশ্বাসী । চিকিৎসালয়ৰ আই.চি.ইউ কোঠাত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ জীৱন-মৰণৰ সৈতে যুঁজি থকা চফল ডেকাজনৰ পৰা , প্ৰতিবছৰে বাঢ়নী পানীয়ে কিয়দাংশ কাঢ়ি নিয়া নৈপৰীয়া পৰিয়ালটোৰ একমাত্ৰ কন্যা সন্তানৰ উপায়ুক্ত হোৱাৰ সপোনটোলৈকে প্ৰত্যেকৰে বুকুৰ চোতালত আশাৰ ৰ’দ পৰে ; সমান্তৰালভাৱে সংগ্ৰামে অট্টহাস্য কৰে । আশাৰ কাঁচিয়লী ৰ’দ চেৰেঙাই যদি আপোনাৰ সত্ত্বাত ভিটামিনৰ যোগান ধৰা নাই তেন্তে বোধকৰোঁ অনুপম জীৱনৰ সুৰে আপোনাক মোহাৱিষ্ট কৰিব পৰা নাই । হেম বৰুৱাই লিখিছিল – “আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া” । যেনেকৈ ধুমুহাৰ পাছৰ ৰামধেনুখনৰ সৌন্দৰ্য্য চাবলৈ আমাৰ ব্যাকুল প্ৰতীক্ষা । ভালে থাকি ভালে ৰাখিব লাগিব আমি সপোন , আস্থা আৰু ভালপোৱাৰ পৃথিৱী । ইয়াতো যত্নৰ অনুপাতে সাৰ-পানী যোগাব আশাই । হতাশাই চেপি অনাৰ সময়ত নিজকে শেষ কৰি দিয়াৰ মানসিকতা কেতিয়াও সমস্যাৰ সমাধান হ’ব নোৱাৰে । বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱে লিখিছিল – “যন্ত্ৰণা অসহ্যও নহয় , চিৰস্থায়ীও নহয়…আৰু আত্মাৰ আছে সেই শক্তি , যি শক্তিৰে সি নিজৰ প্ৰশান্তি অক্ষুণ্ণ ৰাখিব পাৰে” । সেয়ে প্ৰবল ইচ্ছা শক্তি আৰু অধ্যৱসায়ৰ জোৰত বিফলতাকো জীৱনৰ পাঠ হিচাপে গ্ৰহণ কৰি আকাংক্ষিত লক্ষ্যস্থান অভিমুখে মানুহ গৈ আছে , গৈ থাকিব । হাওলি পৰাৰ সময়তো আশাৰ কান্ধত ভেজা দি পুনৰ মূৰ দাঙি উঠিব । হতাশা , বিষণ্ণতাৰ কোৰ্হাল দমাই সমন্বিতে পাঠ কৰোঁ আহক আশাৰ কবিতা । মই পিছে নিতৌ গুণগুণাও , “জীয়াই থাকক আশাৰে ৰ’দ জীয়া…” ।
হিমাশ্ৰী বৰা
দ্বিতীয় ষাণ্মাসিক
ৱিমেনজ কলেজ , তিনিচুকীয়া ।