জাপানক পৰাস্ত কৰি পুৰুষৰ এছিয়া কাপ ২০২২ হকীত ব্ৰঞ্জৰ পদক অৰ্জন ভাৰতৰ

pc the indian express

জাপানক পৰাস্ত কৰি পুৰুষৰ এছিয়া কাপ ২০২২ হকীত ব্ৰঞ্জৰ পদক অৰ্জন ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিফেণ্ডিং চেম্পিয়ন ভাৰতে তৃতীয় স্থানৰ প্লে অফ মেচত জাপানক ১-০ গ’লত পৰাস্ত কৰি পুৰুষৰ এছিয়া কাপ ২০২২ হকীত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাজ কুমাৰ পালে খেলখনৰ একমাত্ৰ গ’লটো কৰিছিল। তিনিবাৰ এছিয়া কাপ জয় কৰা আৰু পাঁচবাৰ দ্বিতীয় স্থান লাভ কৰা ভাৰতে প্ৰতিযোগিতাৰ ইতিহাসত তৃতীয় স্থান দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে।