খিলঞ্জীয়া আৰু মিঞা মুছলমানঃফখৰুদ্দিন আহমেদ

pc Unsplash

খিলঞ্জীয়া আৰু মিঞা মুছলমানঃ
পৃথক জনগোষ্ঠীয় পৰিচয়ৰ প্ৰয়োজনীয়তা

ফখৰুদ্দিন আহমেদ

প্ৰায় আঢ়ৈ দশক মান পুৰ্বে অসমৰ বৌদ্ধিক মহলৰ মাজত বাংলাদেশমুলীয় অসমৰ মিঞা মুছলমান সকলৰ নামাকৰণ সম্পৰ্কত বিশেষ বিচাৰ বিশ্লেষণ চলিছিল। অৱশ্যে এই সম্পৰ্কত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই এই মিঞা সকলক তেখেতৰ কবিতাত ” ন অসমীয়া “বুলি অভিহিত কৰি থৈ গৈছে। এই ক্ষেত্ৰত শেহতীয়াকৈ হোৱা আলোচনা পৰ্যালোচনাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক ডঃ নগেন চন্দ্ৰ শইকীয়াই ভাগ লৈ এই জনগোষ্ঠীটোক “লৌহিত্য সম্প্ৰদায় ” আখ্যা দিব লাগে বুলি মন্তব্য আৰোপ কৰিছিল। বিশেষকৈ লুইতৰ বুকুত গঢ়ি উঠা চৰ চাপৰি সমূহত বসবাস কৰাত অভ্যস্ত এই মিঞা জনগোষ্ঠীৰ লোক সকলক সমান্তৰাল ভাবে অভিবাসি মুছলমান , চাপৰিয়াল , চৰুৱা ইত্যাদি নামাকৰণো আন কিছুমানে কৰা দৃষ্টিগোচৰ হৈ আহিছে।
স্বাধীনতাৰ পূৰ্ব কালত অসমত গঠন হোৱা চৰকাৰৰ প্ৰথম প্ৰধান মন্ত্ৰী চাৰ চৈয়দ চাদুল্লাৰ পৃষ্ঠপোষকতাত অবিভক্ত ভাৰতবৰ্ষৰ মৈমনসিংহ জিলাৰ পৰা এই মিঞা জনগোষ্ঠীৰ মানুহ সকলক অসমলৈ কৃষি কৰ্মত নিয়োগ কৰিবলৈ আনিছিল । সেই সোঁত কম বেছি পৰিমাণে স্বাধীনতাৰ পিছত প্ৰথমে পুব পাকিস্তান আৰু তাৰ পিছৰ স্বাধীন বাংলাদেশ গঠন হোৱাৰ পিছৰ কালতো চলি থকাৰ কাৰণেই অসমত বিদেশী নাগৰিকৰ সমস্যাৰ সৃষ্টি হৈছিল। সেই সমস্যাৰ সমাধানৰ কাৰণে বিশ্ব খ্যাত অসমৰ অস্তিত্ব ৰক্ষাৰ নামত ছ বছৰীয়া আন্দোলন হ’ল , কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনৰ নেতৃত্ব লোৱা সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মাজত চুক্তি হ’ল । কিন্তু বিদেশী সমস্যাৰ স্থায়ী সমাধান হোৱা দেখা নগ’ল। বৰঞ্চ সাম্প্ৰতিক সময়ত এই সমস্যাটি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলবোৰৰ বাবে ক্ষমতা দখলৰ এটি অন্যতম উৎসলৈহে পৰ্যবসিত হ’ল।
এই মিঞা জনগোষ্ঠীটোৰ এটি মন কৰিবলগা বৈশিষ্ট্য হৈছে এই জনগোষ্ঠীৰ অন্তৰ্গত মানুহবোৰ অতি কষ্ট সহিষ্ণু আৰু সংগ্ৰামী ।পুৰ্বতকৈ শিক্ষিতৰ হাৰ বাঢ়িছে আৰু এওলোকৰ মাজত বুদ্ধিজীবি , শিক্ষাবিদ , সাহিত্যিক আৰু ৰাজনীতিবিদকে ভিতৰ কৰি সকলো ধৰণৰ বিশেষত্বৰ মানুহ পোৱা যায়। তুলনামূলক ভাবে অধিক সংখ্যক নিৰক্ষৰতাৰে ভৰপুৰ মিঞা জনগোষ্ঠীৰ মানুহবোৰৰ প্ৰথম পচন্দৰ বাসস্থান লুইতৰ বালিচৰ সমূহ বুলি ইতিমধ্যে উল্লেখ কৰি অহা হৈছে। সেয়েই হয়তু এওঁলোকৰ মাজৰ পৰা সৃষ্টি হোৱা বুদ্ধিজীবি , শিক্ষাবিদ , সাহিত্যিক আৰু ৰাজনীতিবিদ সকলৰ প্ৰভাব নিৰক্ষৰ সমাজ ব্যবস্থাত থকা দেখা পোৱা নাযায়। এই সকল বিশিষ্ট লোকে আধুনিকতাৰ পৰশত অসমৰ বিভিন্ন নগৰ চহৰত বাস কৰিবলৈ লোৱা আৰু তেওঁলোকৰ সমাজ ব্যবস্থাৰ পৰা বাস্তব ক্ষেত্ৰখনিত আতৰি থকাৰ বাবে প্ৰায় ক্ষেত্ৰতেই এই মিঞা জনগোষ্ঠীৰ সকলে নিজৰ স্বভাবজাত কৰ্ম কাণ্ডৰে নিজকে অসংস্কৃতিবান বুলি পৰিচয় দি আহিছে।এই অসংস্কৃতিবান কৰ্ম কাণ্ডৰ বাবে একে নামৰ উপাধিধাৰী খিলঞ্জীয়া গৰীয়া , মৰিয়া , দেশী , মাইমল আৰু জলহা আদি জনগোষ্ঠীৰ অন্তৰ্গত লোক সকল বিভিন্ন সময়ত অযথা ককৰ্থনা , গালি গালাজ আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আহিবলগা হৈছে। স্বধৰ্মীয় হোৱাৰ পিছতো খাদ্য , পোচাক , ভাষা , আচাৰ ব্যবহাৰ আৰু সাংস্কৃতিক ভাবে বহু ক্ষেত্ৰতেই অসমৰ মিঞা মুছলমান আৰু খিলঞ্জীয়া মুছলমান সকলৰ মাজত প্ৰাৰ্থক্য বিদ্যমান।
অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ মাজতো কিছু সংখ্যক অপৰাধ প্ৰবনতা থকা লোক আছে যদিও এই ক্ষেত্ৰত মিঞা জনগোষ্ঠীৰ সমাজ খন বহু বেছি পৰিমাণে আগবঢ়া ।প্ৰতিটো দিনতেই বিভিন্ন মাধ্যমত সম্প্ৰচাৰিত বাতৰিবোৰত হত্যা , ধৰ্ষণ , ডকাইটি , ড্ৰাগছ আসক্ত ইত্যাদি প্ৰায় ভাগ অসমাজিক কুকামত জৰিত সকলৰ নাম মুছলমান দেখা পোৱা যায়। শেষত তদন্তত ওলাই পৰেগৈ যে তাৰে প্ৰায় সংখ্যক অপৰাধীয়েই মিঞা জনগোষ্ঠীৰ লোক। বহু ক্ষেত্ৰত চৰজমিন তদন্তত এই বিষয়বোৰ প্ৰতিপন্ন হৈ গৈছে।
সাম্প্ৰতিক সময়ত অসমৰ জনজীৱনক জোকাৰি যোৱা ঘটনাটি হৈছে নগাঁও জিলাৰ বটদ্ৰবা থানা জ্বলাই দিয়া লোমহৰ্ষক কাণ্ড। বটদ্ৰবা থানাৰ আৰক্ষীৰ জিম্মাত থকা অবস্থাত এগৰাকী ব্যক্তিৰ মৃত্যু ঘটা ঘটনাক লৈ প্ৰথমে থানাৰ সমুখত ধৰ্ণা আৰু পিছলৈ থানা জ্বলাই দিয়া কাণ্ডত জৰিত সকল এশ শতাংশই এই মিঞা জনগোষ্ঠীৰ লোক যে হয় সেয়া খাটাং । আৰক্ষীৰ জিম্মাত লোক জনৰ মৃত্যু হোৱা ঘটনাৰ তদন্ত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে বিচাৰিছে। মৃতকৰ লগতে পৰিয়ালে উচিত বিচাৰ পাবই লাগিব।সেয়া সাংবিধানিক ভাবে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱাটো আমিও বিচাৰো। ঠিক তেনেদৰে সেই ঘটনাৰ আঁত ধৰি এখন থানা অন্ কেমেৰা জ্বলাই দিয়া কাৰ্যও চৰম ভাবে নিন্দনীয়। থানা , আদালত আদিৰ চৌহদত অনবৰতে গিজ্ গিজাই থকা মিঞা জনগোষ্ঠীৰ লোকৰ দ্বাৰা অসাংবিধানিক ভাবে থানা জ্বলাই দিয়া কাৰ্যই তেওলোকে যে গণতন্ত্ৰ বিৰোধী , অসাংবিধানিক ভাবে আইন হাতত তুলি লৈ সাৰ্বজনীন ভাবে অসমৰ ইছলামধৰ্মী সকলো জনগোষ্ঠীকে ভাৰতৰ সমূহ জনতাৰ সমুখত হেয় প্ৰতিপন্ন কৰিলে সেয়া ধ্ৰুব সত্য ।
এনেবোৰ কাৰণতে সময় সাপেক্ষ ভাবেই অসমত বসবাস কৰা খিলঞ্জীয়া আৰু মিঞা মুছলমান সকলৰ মাজত এক শীতল সংঘাতে গা কৰি উঠিছে। সেয়ে আহি পৰিছে পৃথক জনগোষ্ঠীয় পৰিচয়ৰ প্ৰয়োজনীয়তাৰ বিষয়। এইক্ষেত্ৰত অসমৰ বি জে পি চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰি তৎপৰতা প্ৰদৰ্শণ কৰিছিল যদিও সেই গতি বহু পৰিমাণে লেহেমীয়া হৈ আছে।
অসম চৰকাৰৰ সংখ্যালঘু বিভাগৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ নেতৃস্থানীয় লোক আৰু সংগঠনৰ নেতৃবৃন্দক আমন্ত্ৰণ কৰি আনুষ্ঠানিক সভাৰ জৰিয়তে খিলঞ্জীয়া মুছলমান সকলৰ পৰিচয়কে ধৰি আন আন ক্ষেত্ৰ বিলাকৰ বিষয়ে আলোচনা কৰা হৈছিল। সেই আলোচনাত অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ জৰিপ কৰি পৃথক ভাবে চিনাক্তকৰণৰ ব্যবস্থা কৰা হ’ব বুলি সংবাদ মাধ্যমত প্ৰকাশ হৈছিল। এই বিষয়বোৰ কাৰ্যত ৰূপায়ণৰ দিশটি ক্ষিপ্ৰ গতিৰে অসম চৰকাৰে আগবঢ়াই নিলে একে ধৰ্মৰ হোৱাৰ পিছতো সৃষ্টি হোৱা জনগোষ্ঠীয় সংঘাত মোচন হোৱাত সহায়ক হ’ব আৰু খিলঞ্জীয়া মুছলমান সকলে নিজকে ঐতিহাসিক সাহিত্য ,সভ্যতা আৰু সংস্কৃতিৰে মহীয়ান কৰিব পাৰিব।
কেৱল মাত্ৰ এটি ঘটনাৰ কাৰণেই নহয় এনে অলেখ ঘটনা অসমত মিঞা মুছলমান সকলে সংঘটিত কৰিছে যাৰ ফলত এই পৃথক জনগোষ্ঠীয় পৰিচয়ৰ প্ৰয়োজনীয়তা আহি পৰিছে। কিছুদিন পূৰ্বে যিমান সম্ভব বৰপেটা জিলাত দিন দুপৰতেই খিলঞ্জীয়া মুছলমানক আক্ৰমণ কৰিবলৈ প্ৰায় দুই সহস্ৰাধিক মিঞা মুছলমানে যাঠি , জোং , লাঠি ইত্যাদি হাতে হাতে লৈ ওলাই অহাৰ বাতৰি সম্প্ৰচাৰিত হৈছিল।
আনফালে এই বটদ্ৰবা থানা জ্বলোৱা কাৰ্যৰ বাবে ঘটনাৰ পিছ দিনাই মৃতক আৰু মৃতকৰ আত্মীয়ৰ ঘৰ ভাঙি দিয়া কাৰ্য কেতিয়াও গ্ৰহণ যোগ্য নহয়। সেই মানুহবোৰ যদি প্ৰকৃততে বেদখলকাৰীয়েই হয় তেতিয়া হ’লে উচ্ছেদৰ ব্যবস্থা ল’বলৈ প্ৰশাসনে এনেকৈ থানা জ্বলাই দিয়ালৈকে অপেক্ষা কৰি থাকিব নালাগিছিল।
মূল বিষয়টি হৈছে সম্প্ৰতি অসমত খিলঞ্জীয়া আৰু বাংলাদেশমূলীয় মিঞা মুছলমান সকলৰ জনগোষ্ঠীয় পৰিচয়ৰ সংঘাত আঁতৰাবলৈ অসম চৰকাৰে তাৎক্ষনিক ভাবে যাবতীয় ব্যবস্থা গ্ৰহণ কৰিব লাগে। কেৱল অসম গৰীয়া উন্নয়ণ পৰিষদৰ দৰে কেইখন মান উন্নয়ণ পৰিষদ গঠন কৰি দিলেই অসম চৰকাৰৰ দায়িত্ব শেষ নহয়।