চি পি আই এমৰ এটা প্ৰতিনিধি দল বটদ্ৰৱা অঞ্চল পৰিদৰ্শন

চি পি আই এমৰ এটা প্ৰতিনিধি দল বটদ্ৰৱা অঞ্চল পৰিদৰ্শন

ৰঙিলী বাৰ্ত্তাসেৱা-  চি পি আই এমৰ এটা প্ৰতিনিধি দলে বুধবাৰে বটদ্ৰৱা অঞ্চলৰ শালনাবড়ী গাঁও পৰিদৰ্শন কৰে৷সেই সম্পৰ্কত  মহানগৰীৰ হেদায়েৎপুৰস্থিত ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়-মোৰ নেতৃত্বত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ,কেন্দ্ৰীয় কমিটীৰ সদস্য ইছফাকুৰ ৰহমান,ৰাজ্যিক সম্পাদক মন্দলীৰ সদস্য নয়ন ভূঞাকে আদি কৰি নগাঁও জিলা কমিটীৰ নেতৃবৃন্দক সামৰি বটদ্ৰৱাৰ ঘটনা স্থলী পৰিদৰ্শন কৰো৷জনসাধাৰণৰ পৰা ঘটনা সম্পৰ্কত জানি আশ্চৰ্য প্ৰকাশ কৰো৷আমাৰ ৰাজ্য অসমত আৰক্ষী প্ৰশাসনে এক অৰাজকতাৰ সৃষ্টি কৰাৰ ভাব হৈছে৷আমি থানা জ্বলাই দিয়া ঘটনাক নিন্দা জনোৱাৰ লগতে আৰক্ষীয়ে মাছ ব্যৱসায়ীজনক মৰিয়াই হত্যা কৰাৰ ক্ষেত্ৰত গৰিহণা দিছোঁ৷আৰক্ষীৰ ৰক্ষণাবেক্ষণত যদি আচামীৰ মৃত্যু হয়,তেতিয়া আৰক্ষীয়ে জবাবদিহী কৰিব লাগে৷এই ক্ষেত্ৰত আৰক্ষীয়ে গোটেই ঘটনাটো বেলেগফালে ঢাল খুৱাবৰ বাবে চেষ্টা চলালে৷সাধাৰণতে আৰক্ষী থানাত অগ্নি সংযোগ কৰাটো সমৰ্থনযোগ্য নহয়৷যিসকলে এই কৰ্ম কৰিছে তেওঁলোকক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিব লাগে৷পিছদিনা পুৱাই জেচিবি লৈ পাঁচটা ঘৰ ভুলন্ঠিত কৰা আৰক্ষীৰ যি কাৰ্য কৰিলে এয়া ভাবিব নোৱাৰা এটা কান্দ৷যিসকলৰ ঘৰ ভাঙিছে তেওঁলোকে ম্যাদী পট্টাৰ নামত অৱস্হিত ঘৰ৷আৰক্ষীয়ে এই কান্দ সংঘটিত কৰি আমাৰ দেশৰ প্ৰচলিত সকলো আইন ভংগ কৰি অমানৱীয় দৃষ্টান্ত স্হাপন কৰিছে৷এনে কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰিছোঁ৷ন্যায় তদন্তৰ বাবে চিটিং জাজৰ জৰিয়তে উক্ত ঘটনাৰ পূৰ্ণ বিচাৰ হ’ব লাগে৷সংবাদমেলত সম্পাদক মন্দলীৰ সদস্য অজিত দাস উপস্থিত থাকে৷