ধনশিৰি মহকুমাৰ বৰপথাৰত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ধনশিৰি নদীত জাপ

ধনশিৰি মহকুমাৰ বৰপথাৰত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ধনশিৰি নদীত জাপ

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  ধনশিৰি মহকুমাৰ বৰপথাৰত বিনীতা কুমাৰ নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ ধনশিৰি নদীত জাপ। বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল বিনীতা। বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি নগৈ বিনীতাই ধনশিৰি নদীৰ দলঙৰ পৰা জাপ দিযে আৰু দলঙৰ ওপৰতে এৰি থৈ যোৱা স্কুল বেগত আত্মহত্যাৰ টোকা লিখে ঘৰুৱা অশান্তিৰ বাবে এই পথ ললে বুলি। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ছাত্ৰী গৰাকীৰ মৃতদেহ। SDRF বাহিনীৰ সহযোগত অব্যাহত আছে উদ্ধাৰ অভিযান ।