সুকল্পৰ এপিএছচিৰ মৌখিক পৰীক্ষাৰ বাবে বিনামূলীয়া ‘ম’ক টেষ্ট’ৰ আয়োজন

pc The Sentinel assam

সুকল্পৰ এপিএছচিৰ মৌখিক পৰীক্ষাৰ বাবে বিনামূলীয়া ‘ম’ক টেষ্ট’ৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰতিবছৰে অসম লোকসেৱা আয়োগৰ চুড়ান্ত পৰীক্ষাত উতীৰ্ণ হোৱাৰ পিছত বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে মৌখিত পৰীক্ষাত কৃতকাৰ্য হ’ব নোৱাৰে৷ মুলত মৌখিত পৰীক্ষাৰ বাবে পৰ্যাপ্ত অনুশীলন নোহোৱাৰ বাবেই এই পৰীক্ষাত সফল হ’ব নোৱাৰে বহুতে৷ এই সমস্যা আতৰ কৰিবলৈ অসম লোকসেৱা আয়োগৰ চূড়ান্ত লিখিত পৰীক্ষাত উতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ বাবে ৰাজ্যৰ আগশৰীৰ শিক্ষা প্ৰতিষ্ঠান ‘সুকল্প ফাউণ্ডেছনে’ আয়োজন কৰিছে বিনামূলীয়া ম’ক টেষ্ট৷ অহা ২৮ মে’ৰ পৰা উলুবাৰীস্থিত সুকল্প প্ৰতিষ্ঠানত এই মৌখিক ম’ক টেষ্ট অনুষ্ঠিত কৰা হ’ব৷ এই সন্দৰ্ভত সুকল্প ফাউণ্ডেছনৰ সঞ্চালক বিনয়শীল চৌধুৰিয়ে কয় যে– পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে অৱসৰ প্ৰাপ্ত আই এ এছ আৰু এচিএছ- এপিএছ বিষয়াৰ এটা অভিজ্ঞ দলে এই ম’ক টেষ্ট ল’ব৷ ফলত ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব৷ উল্লেখ্য যে এই বিনামুলীয়া ম’ক টেষ্টত অংশ ল’ব খোজা পৰীক্ষাৰ্থীয়ে ৬৯০১৬২৫৮৬৯ আৰু ৯৮৬৪৬২১৯১৫ নম্বৰত যোগাযোগ কৰিবলৈ সুকল্প ফাউণ্ডেছনে আহ্বান জনাইছে৷