২০২২-২৩ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তি  হিচাপে ৪০৭.৫০ কোটি টকা মুকলি কেন্দ্ৰৰ

PC -The Economic times

২০২২-২৩ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তি  হিচাপে ৪০৭.৫০ কোটি টকা মুকলি কেন্দ্ৰৰ

ৰঙিলী বাৰ্ত্তাাসেৱা – ২০২২-২৩ বিত্তীয় বৰ্ষৰ দ্বিতীয় কিস্তি  হিচাপে কেন্দ্ৰই অসমলৈ ৪০৭.৫০ কোটি টকা মোকালাই দিছে।অসমে ইয়াৰ পূৰ্বে এপ্ৰিল মাহতে অনুৰূপ অনুদান লাভ কৰিছিল । ৰাজহ ঘাটিৰ অনুদান হিচাপে চলিত বিত্তীয় বৰ্ষত অসমে লাভ কৰিব ৪,৮৯০ কোটি টকা। পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শমৰ্মে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রতিমাহে ৪০৭.৫০ কোটি টকাকৈ উক্ত বুজন পৰিমাণৰ ধন মোকলাই দিব। কেন্দ্রীয় বিত্ত মন্ত্রালয়ে  প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি চলিত বিত্তীয় বৰ্ষত অর্থাৎ ২০২২-২৩ চনৰ বাবে দেশৰ ৰাজ্যসমূহক মুঠ ৮৬,২০১ কোটি টকাৰ ৰাজহ ঘাটিৰ অনুদান প্ৰদানৰ পৰামৰ্শ আগবঢ়াইছে পঞ্চদশ বিত্ত আয়োগে। ইয়াৰ ভিতৰত অসমৰ প্ৰাপ্তি হৈছে ৪,৮৯০ কোটি টকা। অর্থাৎ চলিত বিত্তীয় বৰ্ষত দেশৰ ৰাজ্যসমূহৰ ৰাজহ ঘাটিৰ মুঠ অনুদানৰ মাত্ৰ ৫.৬৭ শতাংশহে লাভ কৰিব অসমে আনহাতে, আজি অসমৰ বাহিৰে ৰাজহ ঘাটিৰ অনুদানৰ দ্বিতীয় কিস্তি লাভ কৰা আন আন ১৩খন ৰাজ্য হৈছে— অন্ধ্ৰপ্ৰদেশ (৮৭৯.০৮ ‘কোটি টকা), হিমাচল প্রদেশ (৭৮১.৪২ কোটি টকা), কেৰালা (১,০৯৭.৮ কোটি টকা), মণিপুৰ (১৯২.৫০ কোটি টকা), মেঘালয় (৮৬.০৮ কোটি টকা), মিজোৰাম (১৩৪.৫৮ কোটি টকা), নাগালেণ্ড (৩৭৭.৫০ কোটি টকা), পঞ্জাব (৬৮৯.৫০ কোটি টকা), ৰাজস্থান (৪০৫.১৭ কোটি টকা), ছিকিম (৩৬.৬৭ কোটি টকা), ত্ৰিপুৰা (৩৬৮.৫৮ কোটি টকা), উত্তৰাখণ্ড (৫৯৪.৭৫ কোটি টকা) আৰু পশ্চিমবংগ (১,১৩২.২৫ কোটি টকা)।