জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ ১৮ বছৰীয়া হৰ্ষদাৰ প্ৰথমটো স্বৰ্ণ জয় 

pc The Week

জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ ১৮ বছৰীয়া হৰ্ষদাৰ প্ৰথমটো স্বৰ্ণ জয় 

ৰঙিলী বাৰ্ত্তাসেৱা-  হৰ্ষদা শৰদ গৰুড় জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ৪৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা কৰি, ১৮ বছৰীয়া হৰ্ষদাই মুঠ ১৫৩ কিলোগ্ৰাম উত্তোলন কৰে, যাৰ ভিতৰত আছে স্নেচত ৭০ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ৮৩ কিলোগ্ৰাম। তুৰ্কীৰ বেকটাছ কানচুৱে ৰূপৰ পদক অৰ্জন কৰে, আনহাতে মলদোভাৰ টিওডোৰা-লুমিনিটা হিঙ্কুৱে এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।