প্রাগ্‌জ্যোতিষ কলেজত আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰ

PC-pragjyotishcollege.ac.in

প্রাগ্‌জ্যোতিষ কলেজত আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রাগ্‌জ্যোতিষ মহাবিদ্যালয়ৰ হিন্দী বিভাগ, আই কিউ এ চি আৰু নেপালৰ ত্ৰিভুবন বিশ্ববিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনত দুদিনীয়াকৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰৰ যোৱা ২৬ এপ্ৰিলত সামৰণি পৰে। ‘লোক সাহিত্য আৰু সংস্কৃতি : এক বিশ্লেষণ’ শীর্ষক এই ৱেবিনাৰত আমন্ত্রিত অতিথিৰূপে উপস্থিত থাকে ত্রিভুবন বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় হিন্দী বিভাগৰ অধ্যক্ষ ড° সঞ্জিতা বাৰ্মা, মিজোৰাম কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ অধ্যাপক সুশীল কুমাৰ শৰ্মা আদি। মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ২৫ এপ্ৰিলত মুকলি কৰা এই ৱেবিনাৰত আদৰণী ভাষণ দিয়ে কলেজখনৰ বৰ্তমানৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই।