পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ পেন্সনাৰলৈ সুখবৰ -প্ৰতিমাহৰ ১০ তাৰিখে লাভ কৰিব পেন্সন- মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

PC-Twitter

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ পেন্সনাৰলৈ সুখবৰ -প্ৰতিমাহৰ ১০ তাৰিখে লাভ কৰিব পেন্সন-মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
বাৰ্ত্তাসেৱা- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ কৰি থকা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ পুঁজি মুকলি প্ৰক্ৰিয়া সৰলীকৰণ কৰিলে অসম চৰকাৰে৷ কালি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিয়মীয়া সাপ্তাহিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷ এই অনুসৰি এতিয়াৰ পৰা উল্লেখিত আঁচনি দুখনৰ চিলিঙৰ বাবে বিত্ত বিভাগৰ অনুমোদনৰ প্ৰয়োজন নহ’ব৷ বিভাগৰ শীৰ্ষতম সচিবগৰাকীয়ে দিব এই অনুমোদন আৰু এই আঁচনি দুখনৰ অধীনৰ হিতাধিকাৰীসকলে প্ৰতিমাহৰ ১০ তাৰিখে নিয়মীয়াকৈ তেওঁলোকৰ পেন্সন লাভ কৰিব৷
অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ লগতে কেবিনেটৰ সতীৰ্থসকলক আন্তৰিক কৃতজ্ঞতা কৰিছে৷ পুঁজি মুকলি প্ৰক্ৰিয়াৰ এই সৰলীকৰণে উল্লেখিত আঁচনি দুখনৰ অধীনত বৰ্তমানলৈ থকা ১৫ লাখতকৈও অধিক পেন্সনাৰলৈ নিদ্ধৰ্ৰিত সময়ত মাহিলী পেন্সন প্ৰদান সুনিশ্চিত কৰিব বুলিও তেওঁ কয়৷
উল্লেখযোগ্য যে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিৰ অধীনত এতিয়ালৈ ১২,৫৬,৬৯৮ গৰাকী হিতাধিকাৰীয়ে পেন্সন লাভ কৰি আছে আৰু নতুনকৈ হোৱা অনুমোদনৰ সৈতে বৰ্তমান এই আঁচনিৰ অধীনত সৰ্বমুঠ ১৩,১৫,৭৫৯ গৰাকী হিতাধিকাৰী হৈছেগৈ৷ আনহাতে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত ইতিমধ্যে ৰ,৭০,০৩৪গৰাকী বিধৱা মহিলা উপকৃত হোৱাৰ লগতে নতুন অনুমোদনৰ সৈতে বৰ্তমান এই আঁচনিৰ অধীনৰ হিতাধিকাৰী সংখ্যা হৈছে ১,৮৫,৩৩২গৰাকী৷ দুয়োখন আঁচনিয়েই সাৰ্বজনীন ৰূপত ৰূপায়িত হৈ থকাৰ বাবে আগন্তুক দিনত হিতাধিকাৰীৰ সংখ্যা আৰু অধিক হ’বগৈ৷ এই আঁচনিৰ সুবিধা ল’বৰ বাবে যোগ্য সকলো ব্যক্তিকে আগবাঢ়ি আহি এই আঁচনিৰ দ্বাৰা উপকৃত হ’বলৈ মন্ত্ৰী দাসে আহ্বান জনাইছে৷