৬ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত সীমিত জৰুৰীকালীন ব্যৱহাৰৰ বাবে কভাক্সিনক অনুমোদন 

Pc DNA India

৬ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত সীমিত জৰুৰীকালীন ব্যৱহাৰৰ বাবে কভাক্সিনক অনুমোদন 

ৰঙিলী বাৰ্ত্তাসেৱা-  ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াই (ডিচিজিআই) ৬ ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ বাবে ভাৰত বায়োটেকৰ কভাক্সিনক সীমিত জৰুৰীকালীন-ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰিছে। ডিজিচিআইয়ে হায়দৰাবাদ স্থিত ভেকছিন নিৰ্মাণ কোম্পানী – ভাৰত বায়োটেকক উপযুক্ত বিশ্লেষণৰ সৈতে প্ৰতিকূল ঘটনাৰ তথ্যৰ সৈতে সুৰক্ষা তথ্য দাখিল কৰিবলৈ কৈছে, প্ৰথম দুমাহৰ বাবে প্ৰতি ১৫ দিনত আৰু তাৰ পিছত পাঁচ মাহলৈকে মাহিলী তথ্য।