প্ৰচণ্ড ধুমুহাৰ ফলত অসমত ১২,০০০ তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত

প্ৰচণ্ড ধুমুহাৰ ফলত অসমত ১২,০০০ তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাতৰ ফলত দুদিনত অসমৰ কেইবাখনো জিলাত ১৪ জন লোকৰ মৃত্যু হয় আৰু ১২,০০০ তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হয়। শুকুৰবাৰে ক্ষতিগ্ৰস্ত জিলাসমূহত মুঠ৭,৩৪৪ টা ঘৰ আংশিক বা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল, আনহাতে শনিবাৰে আন ৪,৭৬৮ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছিল।