হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ শিশু সাহিত্য সমগ্ৰ উন্মোচন

হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ শিশু সাহিত্য সমগ্ৰ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  অশোক বুক ষ্টলে প্ৰকাশ কৰি উলিওৱা শিশু সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ শিশু সাহিত্য সমগ্ৰ প্ৰথম আৰু দ্বিতীয় খন্দ গ্ৰন্থ দুখন  গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়৷লেখিকা সংস্থা,অসমৰ সম্পাদিকা নিৰু শৰ্মা পৰাজুলিয়ে আঁত ধৰা সভাত পৌৰোহিত্য কৰে সংস্থাৰ সভানেত্ৰী মৃদুলা শৰ্মাই৷জুৰি বৰুৱাৰ গীতেৰে আৰম্ভ হোৱা সভাত শিক্ষাবিদ ড° গোবিন্দ প্ৰসাদ শৰ্মাই উক্ত গ্ৰন্থ দুখন উন্মোচন কৰে৷সভাত ড° শৰ্মাই কয়-অসমীয়া মানুহৰ কিতাপ পঢ়াৰ সংখ্যা কম৷শিশু অৱস্থাত যদি কিতাপ পঢ়া নহয় তেন্তে বৃদ্ধ অৱস্থাত কেনেকৈ পঢ়িব৷হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে গোটেই জীৱন শিশুৰ ওপৰত গ্ৰন্থ লিখি আহিছে৷তাৰ বাবে স্বীকৃতি পাইছে৷স্বীকৃতি পোৱা নোপোৱাটো ডাঙৰ কথা নহয়৷সভাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয়-শিশু সাহিত্যৰ ওপৰত লিখাটো অতি কঠন৷এজন শিশুয়ে সাধুকথা শুনা আৰু পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব অভিভাৱকসকলে৷তেতিয়া শিশুটিয়ে অসমীয়া ভাষাৰ ওপৰত আগ্ৰহ জন্মিব৷সাধুকথাৰ বৈশিষ্ট্য আমি জানিব লাগে৷সভাত দিছপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° নমিতা ডেকাই ভাষণত কয়- সকলোৱে শিশু গ্ৰন্থ লিখিব নোৱাৰে৷শিশু সুলভ মন থাকিলেহে শিশু গ্ৰন্থ লিখিব পাৰেশিশুৰ পৰা বৃদ্ধলৈকে যেনেকৈ পানীৰ প্ৰয়োজন,ঠিক তেনেকৈ শিশুৰ পৰা বৃদ্ধলৈকে মানসিক আহাৰ লাগে।সভাত বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে৷