সোণাইঘুলিত ৰঙালী বিহু

pc gorajan goodluck tutor Centre

সোণাইঘুলিত ৰঙালী বিহু

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহত্তৰ সোণাইঘুলি ৰঙালী বিহু উদ্‌যাপন সমিতিৰ উদ্যোগত ৩০ এপ্ৰিলত সোণাইঘুলি খেলপথাৰত ৰঙালী বিহু উদ্‌যাপনৰ প্ৰস্তুতি চলাইছে৷সিদিনা কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰিব সভাপতি ৰূপালী হাজৰিকা বৰুৱাই,খেল ধেমালি প্ৰতিযোগিতা,স্হানীয় শিল্পীৰ দ্বাৰা গীত নৃত্য প্ৰদৰ্শন,মৌ কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিহু গীতৰ সম্ৰাট খগেন গগৈয়ে৷বিহু পৰিচালনা কৰাৰ বাবে ৰূপালী হাজৰিকা বৰুৱাক সভাপতি,স্মৃতিৰেখা বড়িক সাধাৰণ সম্পাদক,কবিতা পায়েং পেগুক কোষাধ্যক্ষ হিচাপে লৈ এখন কমিটী গঠন কৰা হয়৷