তথ্য সংগ্ৰহ সংৰক্ষণ আৰু উপস্থাপন- বন্দিতা শৰ্মা কন্দলি

pc Clipartmax

তথ্য সংগ্ৰহ সংৰক্ষণ আৰু উপস্থাপন

কোনো এটা নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত জ্ঞান আৰ্জন কৰিবলৈ হʼলে সেই বিষয় টো আতি -গুৰি মাৰি জানি ল’ব লাগিব। তাৰ বাবে আমাক সেই বিষয়টো ৰ তথ্যৰ প্ৰয়োজন হ’ব। সংগ্ৰহ কৰা তথ্য সমুহ সংৰক্ষণ আৰু সংগঠিত কৰাৰ প্ৰয়োজন আছে। এই তথ্য সংগ্ৰহ সংৰক্ষণ আৰু উপস্থাপনে আমাৰ অভিজ্ঞতা সংগঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে। তথ্য সমূহ তালিকাত সু-সংগঠিত কৰি ৰাখিলে তুলনা সমুহ স্পষ্ট কৈ ওলাই আহে।
সংগৃহীত তথ্যসমূহ সচিত্ৰলেখ বা দণ্ডলেখৰ সহায়ত দৃশ্যমান কৰিব পাৰি। দণ্ড লেখ বা সচিত্ৰ লেখ ব্যৱহাৰৰ বহুতো সুবিধা আছে। সচিত্ৰ লেখৰ ক্ষেত্ৰত সংগৃহীত তথ্যক প্ৰতীক ব্যৱহাৰ কৰি উপস্থাপন কৰা হয়। যি বিষয়ৰ তথ্য সংগ্ৰহ কৰা হয় সেই বিষয়ৰে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰা হয়। এই লেখ সমুহ চাই তথ্য বিষয়ে সিদ্ধান্ত ল’ব পাৰি। বিভিন্ন প্ৰয়োজনীয় তথ্য সচিত্ৰ লেখ বা দণ্ড লেখ বোৰৰ ভিত্তিত পাব পাৰি।
দণ্ড লেখ অংকন কৰিবলৈ স্কেল বাছনি কৰি ল’ব লাগে। দণ্ড চিত্ৰ সমুহত নিৰ্ধাৰিত মানৰ সমানুপাতিক উচ্চতা বিশিষ্ট আৰু একে সমান প্ৰস্থৰ দণ্ড অংকন কৰা হয়। দণ্ডৰ দৈঘ্য নিৰ্ভৰ কৰে বাছনি কৰি লোৱা স্কেল আৰু সংগৃহীত তথ্যৰ বাৰংবাৰতা (সু-সংগঠিত তালিকা) ৰ ওপৰত। তথ্য সমূহ উপস্থাপন ৰ বাবে অনুভূমিক আৰু উলম্বভাৱে দুডাল অক্ষ ল’ব লাগে। একেটা বিষয়ৰে দুটা তথ্য সংগ্ৰহ কৰিলে বা দুই ধৰণৰ তথ্য তুলনা কৰিবলৈ হʼলে দুয়োটা তথ্য একেলগে উপস্থাপন কৰিব লাগিব। অৰ্থাৎ দুটা তথ্যৰ বাবে দুডাল দণ্ড আঁকিব লাগিব। এনে দণ্ড লেখক দ্বৈত দণ্ড লেখ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা তুলনা কৰিব লাগে, এনে ক্ষেত্ৰত তথ্য উপস্থাপন কৰিবলৈ ‘দ্বৈত দণ্ডলেখ’ ৰ সহায় লোৱা হয় । অৰ্থাৎ দ্বৈত দণ্ডলেখে দুটা সংগৃহীত তথ্যক পলকতে তুলনা কৰাত সহায় কৰে।
মূল উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যক প্ৰাথমিক তথ্য বোলা হয়। সহজতে আৰু সঠিক সিদ্ধান্তত উপনীত হʼবলৈ তথ্য খিনি শৃংখলাবদ্ধ ভাৱে সংগঠিত কৰিব লাগে। শৃংখলাবদ্ধ ভাৱে সংগঠিত তথ্যক বাৰংবাৰতা বিভাজন তালিকাত প্ৰকাশ কৰিব পাৰি। তালিকাৰ দৈৰ্ঘ্যৰ প্ৰতি লক্ষ্য ৰাখি তথ্য সমূহ একোটা গোটত (শ্ৰেণী অন্তৰাল) অন্তৰ্ভুক্ত কৰি লোৱা হয়। এটা গোটৰ শ্ৰেণী অন্তৰালৰ উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ মাজৰ পাৰ্থক্যক শ্ৰেণী দৈৰ্ঘ বোলা হয়। লেখ এটাৰ শ্ৰেণী দৈৰ্ঘ একে হ’ব লাগিব। দুটা শ্ৰেণী অন্তৰালৰ মাজত কোনো ব্যৱধান নাথাকিলে দণ্ডৰ মাজতো কোনো ব্যৱধান নাথাকে। তেনে তথ্য উপস্থাপনক স্তম্ভলেখ বা হিষ্টʼগ্ৰামʼ বোলা হয়।
সংগৃহীত তথ্য পাইচিত্ৰ বা বৃত্তচিত্ৰ ব্যৱহাৰ কৰিও উপস্থাপন কৰিব পাৰি। বৃত্তচিত্ৰত তথ্য সমূহ বৃত্তাংশত ভাগ কৰি লোৱা হয়। অৰ্থাৎ তথ্যক বৃত্তৰ কেন্দ্ৰৰ ৩৬০° ৰ লগত তুলনা কৰি কেন্দ্ৰীয় কোণসমুহ নিৰ্ণয় কৰাৰ পিছত যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকি কোণমান যন্ত্ৰৰ সহায়ত বৃত্তাংশবোৰ চিহ্নিত কৰি দেখুওৱা চিত্ৰ এটাকে পাইচিত্ৰ বা বৃত্তচিত্ৰ বুলি কোৱা হয়। বাহ্যিক দৃষ্টিত পাইচিত্ৰ বেছি সৌন্দৰ্যবৰ্দ্ধক।

বন্দিতা শৰ্মা কন্দলি।
দেৰগাঁও।