ভাৰতত ১৮৪.০৬কোটি লোকক কোভিড-১৯ৰ ভেকচিন প্ৰদান 

pc free press Journal

ভাৰতত ১৮৪.০৬কোটি লোকক কোভিড-১৯ৰ ভেকচিন প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক জনোৱা অনুসৰি ভাৰতৰ কোভিড-১৯ টিকাকৰণ কভাৰেজে ১৮৪.০৬ কোটি অতিক্ৰম কৰিছে। ইফালে, ১২-১৪ বছৰ বয়সৰ ১.৬০ কোটিৰো অধিক শিশুক এতিয়ালৈকে কোভিড-১৯ ভেকছিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে বুলি মন্ত্ৰালয়ে কয়। ১৫-১৮ বছৰ বয়সৰ শিশুসকলৰ ক্ষেত্ৰত, ভেকছিনটোৰ প্ৰথম পালি ৫,৭১,০৮,২২৯ জনক প্ৰদান কৰা হৈছে আৰু ৩,৭৯,৪৭,৯২৮জনক দ্বিতীয় পালি প্ৰদান কৰা হৈছে।