বোম্বাই উচ্চ ন্যায়ালয়ে ৰণবীৰ সিঙৰ ‘৮৩’ৰ অ’টিটি মুক্তি স্থগিত ৰখাৰ আবেদন নাকচ কৰিছে

বোম্বাই উচ্চ ন্যায়ালয়ে ৰণবীৰ সিঙৰ ‘৮৩’ৰ অ’টিটি মুক্তি স্থগিত ৰখাৰ আবেদন নাকচ কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা- বোম্বাই উচ্চ ন্যায়ালয়ে ৰণবীৰ সিং অভিনীত ‘৮৩’ৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে অ’টিটি প্লেটফৰ্মত মুক্তি স্থগিত ৰখাৰ বাবে মেড মেন ফিল্ম ভেঞ্চাৰৰ আবেদন নাকচ কৰিছে। আবেদনখনত কপিৰাইট উলংঘনৰ অভিযোগ উত্থাপন কৰা হৈছিল, আৰু লগতে কয় যে মেড মেনে ছবিখন সম্প্ৰচাৰ কৰিবলৈ প্লেটফৰ্মসমূহক সন্মতি প্ৰদান কৰা নাছিল। আদালতে অৱশ্যে ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট ষ্টুডিঅ’ প্ৰাইভেট লিমিটেডৰ অধিকাৰ বজাই ৰাখিছিল।