চৰকাৰৰ ৰাজকোষৰ পৰা ৮০ কোটি টকা আঁচনি ৰূপায়নৰ নামত লুন্ঠনঃঅসম আইন ছাত্ৰ সন্থা

pc Facebook

চৰকাৰৰ ৰাজকোষৰ পৰা ৮০ কোটি টকা আঁচনি ৰূপায়নৰ নামত লুন্ঠনঃঅসম আইন ছাত্ৰ সন্থা

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাজ্যৰ শ্ৰম বিভাগৰ অধীনস্থ আসাম বিল্ডিং এন্দ আদাৰ কন্সট্ৰাকশ্বন ৱেলফেয়াৰ বৰ্ড অৱ স্কীল ট্ৰেইনিং প্ৰজেক্ট পাইলট প্ৰজেক্ট পিএইচএএছই-১ৰ নামত সংঘটিত হােৱা ৮০ কোটি টকাৰ দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে সদৌ অসম আইন ছাত্ৰ সন্থাই৷ দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত সংগঠনটোৰ সভাপতি সঞ্জীৱ বৰাই কয়- ভাৰতৰ  প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সপােনৰ ভাৰতৰ স্কীল ইন্দিয়া অভিলাসী আঁচনিৰ অধীনত কেন্দ্রীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত শ্ৰমিকৰ দক্ষতা বিকাশৰ নামত অসম চৰকাৰৰ শ্ৰম আৰু উন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা উপৰােক্ত অভিলাসী আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত ভুৱা হিতাধীকাৰী সৃষ্টি কৰি লগতে উপযুক্ত শ্রমিক প্রশিক্ষণৰ নামত অনুমােদিত মজুৰি প্রদান নকৰি কৌশলেৰে চৰকাৰৰ ৰাজকোষৰ পৰা ৮০ কোটি টকা কার্য ৰূপায়নৰ নামত লুণ্ঠন হৈছে বুলি জানিব পাৰিছো৷অসমৰ আগশাৰী ভালেকেইটা সংগঠনে বিষয়টো পােন প্রথমবাৰৰ বাবে সংবাদ মাধ্যমৰ দৃষ্টিগােচৰ কৰিছিল আৰু দিছপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত ভুক্তভােগী শ্রমিকে গােচৰ ৰুজু কৰিছিল বুলি আমাৰ হাতত তথ্য আহি পৰিছে। উল্লেখনীয় যে, দুর্নীতি মুক্ত আৰু শূন্য সহনশীল নীতিৰে বিকশিত অসমৰ লক্ষ্যৰে ৰাজ্যখনক এটি নতুন দিগন্তৰ দিশে আগুৱাই লৈ যােৱা মুখ্যমন্ত্ৰীয়ে আজি পৰ্যন্ত এই বিষয়টোত হস্তক্ষেপ নকৰাত আমি আক্ষেপ প্রকাশ কৰিছোঁ। অসমৰ বৰ্ধিত নিবনুৱা সমস্যা আৰু সংস্থাপনৰ নাটনিৰ সংকটকালীন মূহুৰ্তত ভাৰত চৰকাৰৰ স্কীল ইন্দিয়াৰ দৰে অভিলাসী আঁচনিয়ে ৰাজ্যৰ নিবনুৱা আৰু সু-সংগঠিত প্রশিক্ষণৰ পৰা বঞ্চিত কাৰিকৰী আৰু শ্ৰমেৰে জীৱিকা চলােৱা অসমৰ জনতাৰ মাজত আশাৰ উদগীৰণ ঘটিছিল যদিও শ্রম বিভাগৰ অধীনত সংঘটিত এনে দুর্নীতিয়ে ৰাইজক আৰু শ্রমিক সকলক আশাহঁত কৰিলে।এই সংবাদ মেলৰ জৰিয়তে সমগ্র দুর্নীতিৰ বিষয়ৰ উচিত তদন্ত প্রক্রিয়াৰে ইয়াৰ লগত জড়িত সকলাে পক্ষৰ ওপৰত বিহিত ব্যৱস্থা লৈ ন্যায় প্রদান কৰিবলৈ আমি দাবী জনালোঁ।