ভাৰতীয় খাদ্য নিগমৰ ২০০ মেট্রিকটন খাদ্যশস্য কঢ়িয়াই অনা প্রথমখন মালবাহী জাহাজ ‘এম ভি লালবাহাদুৰ শাস্ত্ৰী’ পাণ্ডু বন্দৰত উপস্থিত 

pc facebook

ভাৰতীয় খাদ্য নিগমৰ ২০০ মেট্রিকটন খাদ্যশস্য কঢ়িয়াই অনা প্রথমখন মালবাহী জাহাজ ‘এম ভি লালবাহাদুৰ শাস্ত্ৰী’ পাণ্ডু বন্দৰত উপস্থিত 

ৰঙিলী বাৰ্ত্তাসেৱা-   মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত  বিহাৰৰ পাটনাৰ পৰা ভাৰতীয় খাদ্য নিগমৰ ২০০ মেট্রিকটন খাদ্যশস্য কঢ়িয়াই অনা প্রথমখন মালবাহী জাহাজ ‘এম ভি লালবাহাদুৰ শাস্ত্ৰী’য়ে ৰাষ্ট্ৰীয় জলপথ-১ আৰু ৰাষ্ট্ৰীয়  জলপথ-২ৰে গংগা আৰু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ২,৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ইণ্ডো-বাংলাদেশ প্ৰট’কল পথ’ৰ মাজেৰে আহি পাণ্ডু বন্দৰত উপস্থিত হোৱা জাহাজখনক পাণ্ডু বন্দৰত আনুষ্ঠানিকভাৱে আদৰণি জনায়।হালদিয়াৰ পৰা ১,৮০০ মেট্রিকটন ষ্টীলৰ সামগ্ৰী কঢ়িয়াই অনা এখন জাহাজো কেইদিনমানৰ ভিতৰতে পাণ্ডু পাবহি। সেইদৰে নুমলীগড় শোধনাগাৰৰ উচ্চ ক্ষমতাযুক্ত সামগ্রী কঢ়িয়াই অনা আন এখন জাহাজেও গংগা-ব্ৰহ্মপুত্ৰ হৈ ধনশিৰি অভিমুখে যাত্ৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ‘এম ভি লালবাহাদুৰ শাস্ত্ৰী’ক আদৰণি জনোৱাৰ বাবে পাণ্ডু বন্দৰ প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই আজিৰ দিনটোক সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগ তথা অর্থনৈতিক ক্ষেত্ৰৰ বাবে এক যুগান্তকাৰী দিন বুলি অভিহিত কৰি কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছত বহিঃৰাষ্ট্ৰৰ মাজেৰে জলপথেৰে ৰাজ্যলৈ সামগ্ৰী পৰিবহণৰ সূচনা অঞ্চলটোৰ ইতিহাসত এক মাইলৰ খুঁটি ৰূপে চিহ্নিত হৈ ৰ’ব৷ ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন’ সাধনৰ বাবে থকা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সপোনৰ চতুৰ্থটো স্তম্ভ জলমাৰ্গৰ বিকাশেৰে অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ এক নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰাৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।