দীনদয়াল অন্তোদয়া আঁচনি-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানঃ এটি ৰূপৰেখা- ফখৰুদ্দিন আহমেদ

p.c Youtube

দীনদয়াল অন্তোদয়া আঁচনি-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানঃ এটি ৰূপৰেখা

ফখৰুদ্দিন আহমেদ

সাম্প্ৰতিক সময়ত কেৱল চৰকাৰী চাকৰিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা মানসিকতাৰ প্ৰতি যুব প্ৰজন্মক মোহ ভংগ কৰি স্বনিয়োজন পদ্ধতিৰ দ্বাৰা জীবন ধাৰণৰ বাবে প্ৰয়োজনীয় জীৱিকাৰ প্ৰত্যাশাক ন ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সম্প্ৰতি অসম চৰকাৰে বহুতো অভিলাষী আঁচনি ৰূপায়ণ কৰি আছে। এই আঁচনি বিলাকৰ ভিতৰত বিশেষকৈ অসমৰ গ্ৰাম্যাঞ্চলৰ লোক সকলক উদ্দেশ্যি ৰূপায়ণ কৰি থকা আঁচনিখনিৰ নাম হৈছে” অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান”।
সমগ্ৰ অসমত প্ৰায় ২৬ হেজাৰখনি গাঁও আছে। খুব কম সংখ্যক গাঁৱৰ বাহিৰে প্ৰায় সংখ্যক গাঁৱকেই সৰহ সংখ্যক চৰকাৰী আঁচনিয়ে ঢুকি নাপাই বুলি ইতিপূৰ্বৰ পৰা এটি বদনাম আছে।অৱশ্যে সাম্প্ৰতিক সময়ত অসম চৰকাৰে লোৱা পঞ্চায়তীৰাজ ব্যবস্থাৰ সঠিক প্ৰয়োগ আৰু দূৰ্নীতিবাজ চৰকাৰী বিষয়া-কৰ্মচাৰী ,দালাল আদিৰ প্ৰতি গ্ৰহণ কৰা শূন্য সহনশীল নীতিৰ বাবে এনে ধৰণৰ বদনামৰ ধাৰাবাহিকতাত প্ৰায় প্ৰতিবন্ধকতা আহি পৰিছে।এয়া নিশ্চয় অসমবাসী ৰাইজৰ বাবে অতি সুখৰ বতৰা।
পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ আমোলত বিগত ইং ২০১১ চনতেই ” স্বৰ্ণজয়ন্তী গ্ৰাম স্ব-ৰোজগাৰ যোজনা” নামৰ এটি আঁচনি ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ণ মন্ত্ৰণালয়ৰ সাহায্যত ৰূপায়িত হৈ আহিছিল। এই আঁচনিখনিৰ জৰিয়তে অসমৰ গ্ৰাম্যাঞ্চলৰ পুৰুষ-মহিলা সকলক আত্ম সহায়ক গোট গঠন কৰি স্থানীয় বেংকৰ জৰিয়তে বিশেষ সাহায্য পূঁজি প্ৰদান আৰু প্ৰয়োজনত উৎপাদনমূখী কামত বিনিয়োগ কৰি স্বনিৰ্ভশীল হ’বৰ বাবে কম সুদৰ হাৰত ঋণো প্ৰদান কৰা হৈছিল। পিছে দূৰ্নীতি আৰু দালালিৰাজৰ কবলত চৰকাৰৰ এই সৎ উদ্দেশ্যত এক প্ৰকাৰ চেচা পানী পৰিছিল।
পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে অসমত শাসন ক্ষমতা লাভ কৰাৰ পিছত উক্ত আঁচনি খনিৰ নাম “দীনদয়াল অন্তোদয়া আঁচনি-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান” হিচাপে সলনি কৰি নতুন উদ্যমেৰে সৈতে গ্ৰাম্যাঞ্চলত সজাগতাৰ লগতে প্ৰায়োগিক দিশেৰে নামি পৰিছে।
দীনদয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান নামৰ আঁচনি খনিৰ জৰিয়তে গ্ৰাম্য সমাজ ব্যবস্থাত বিশেষকৈ মহিলা সৱলীকৰণ আৰু জীৱিকাৰ পথ প্ৰশস্তকৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে।দুখীয়া পৰিয়ালৰ পৰা কম পক্ষেও একো গৰাকীকৈ মহিলাক অন্তৰ্ভুক্ত কৰি এই আঁচনিৰ জৰিয়তে স্বাৱলম্বি কৰি তুলিবলৈ অসম চৰকাৰৰ এই প্ৰচেষ্টা সঁচাকৈয়ে শলাগিবলগা।এই সমগ্ৰ প্ৰক্ৰি্যাটিৰ সফল ৰূপায়ণৰ বাবে “সমূহীয়া বিনিয়োগ পূঁজি”ৰ লগতে সামূহিক সমল ব্যক্তি , সক্ৰিয় মহিলা , বেংক মিত্ৰ ,কৃষি সখী আদিৰ অৰিহনাই এই অভিযানৰ সাধন আৰু বহন শক্তিৰ মূল উৎস হিচাপে পৰিগণিত আৰু চিহ্নিত হৈছে।
গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ মহিলা সকলক সক্ৰিয় কৰ্ম দক্ষতাৰ সৃষ্টিৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰাৰ লগতে জীৱন নিৰ্বাহৰ বাবে অৰ্থনীতিৰ দিশত টিকি থকাৰ সুস্থ আৰু সবল মানসিকতাৰ দ্বাৰা সকলো ক্ষেত্ৰতে উচিত ব্যবস্থাপনাৰ দক্ষতা প্ৰদানত উল্লেখিত আঁচনি খনি ইতিমধ্যে সফল হৈছে বুলি ঠাৱৰ কৰিব পাৰি।উদাহৰণ স্বৰূপে সাপেখাটি উন্নয়ণ খণ্ডৰ দীপান্বিতা আত্ম সহায়ক গোটে উন্নত শ্ৰেণীৰ চাহ গছৰ পুলিৰ খেতিৰ জৰিয়তে বছৰি ছয় লাখতকৈ অধিক টকা উপাৰ্জনৰ পথ প্ৰশস্ত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ধেমাজিৰ তেৰ টা আত্ম সহায়ক গোটৰ মূলা গাভৰু গ্ৰাম্য সংগঠনে কুকুৰা পালনেৰে কণীৰ ব্যবসায়েৰে এই গোটটিৰ প্ৰতি গৰাকী মহিলাই মাহিলী প্ৰাথমিক পৰ্যায়ত দহ হাজাৰ টকাৰ পৰা পোন্ধৰ হাজাৰ টকালৈ উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে আৰু সেই অঞ্চলটিক অসম চৰকাৰে ” কণীৰ গাঁও” বুলি উপনাম প্ৰদান কৰিছে।কাৰ্বি আংলঙ জিলাৰ স্বাভিমান আত্ম সহায়ক গোটৰ দ্বাৰা উৎপাদন কৰা পানী মেটেকাৰ সামগ্ৰী সদ্য মুহূৰ্তত অসমৰ লগতে ভাৰতৰ আন আন ৰাজ্যটো সমাদৰ লাভ কৰি সদস্য সকল আৰ্থিক ভাবেও লাভৱান হৈছে। চাহ বাগানৰ অনুন্নত চাহ জনগোষ্ঠীৰ বাবা ভোলানাথ আত্ম সহায়ক গোটে চাহ বাগান সমূহত পুষ্টিকৰ খাদ্যৰ লগতে গেলামালৰ দোকানৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কত সজাগতাৰ সৃষ্টিৰ লগতে অসম গ্ৰামীণ বিকাশ বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰও মকুলি কৰিছে।
এই সকলৰ লগতে দৰং জিলাৰ অন্যতম এটি খণ্ড উন্নয়ণ কাৰ্যালয় হ’ল ছিপাঝাৰ উন্নয়ণ খণ্ড । এই উন্নয়ণ খণ্ডটিৰ অধীনত প্ৰায় ৩১৯৫ টি পঞ্জীয়ণভূক্ত আত্ম সহায়ক গোট আছে। এই গোট বিলাকক ১৭১ টি গাঁও সংগঠন আৰু ০৪ টা মণ্ডল পৰ্যায় সংগঠনত অন্তৰ্ভূক্ত কৰি পৰ্যায় ক্ৰমে ছিপাঝাৰ খণ্ড উন্নয়ণ কাৰ্যালয়ৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে ঘূৰ্ণীয়মান পুঁজি , সামূহিক বিনিয়োগ পুঁজি আৰু স্থানীয় বেংকৰ তৰফৰ পৰা ৰাজ সাহায্য যুক্ত ঋণৰ ব্যবস্থাৰে মহিলা সকলক স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন কৰাত ছিপাঝাৰ উন্নয়ণ খণ্ডটি সফল হৈছে বুলি ক’ব পাৰি। ইয়াৰে বুঢ়া গাঁও পঞ্চায়তৰ হালধা গাঁৱৰ জোনাকী আত্ম সহায়ক গোটৰ সদস্য তৰুলতা নাথ , দেৱানন্দ গাঁও পঞ্চায়তৰ মৰমী আত্ম সহায়ক গোটৰ ৰঙালাউৰ খেতি , বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ কল্পতৰু আৰু মনিকাঞ্চন আত্ম সহায়ক গোটৰ কাঠ ফুলা খেতি , দুনী গাঁও পঞ্চায়তৰ মিলিজুলি আত্ম সহায়ক গোটৰ সদস্য ভুমিত্ৰা দেৱী আদিয়ে বিভিন্ন প্ৰকাৰৰ উৎপাদনমূখী কাৰ্যত জৰিত হৈ স্বনিৰ্ভৰশীল হোৱাৰ উপৰিও আন বহুতৰে বাবে আদৰ্শ হৈছে।
ইয়াৰ উৰি নগাঁও জিলাৰ ৰাজীৱ ডেকা,যোৰহাট জিলাৰ বুলচুমি গগৈ ,হৰেণ দাস, ৰীমা মালি, দৰং জিলাৰ জয়শ্ৰী দাস , গভৰা গাঁৱৰ নিলাক্ষী ডেকা , নমিত দাস , কাৰ্বি আংলঙ জিলাৰ মলিন তেৰনপি, গোৱালপাৰা জিলাৰ ৰাধিকা সুত্ৰধৰ , দীপাঙ্কৰ নাথ আৰু ৰহাৰ শিখামণি দেৱী আদিয়ে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত প্ৰশিক্ষণ লাভ কৰি সম্প্ৰতি বিভিন্ন সংস্থাত নিয়োগৰ সুবিধা লাভ কৰি উপকৃত হৈছে।
দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত প্ৰকল্প ৰূপায়ণ কৰি থকা সংস্থা সমূহ হৈছে ক্ৰমে নিছা ইণ্ডাষ্ট্ৰিয়েল চাৰ্ভিছেচ প্ৰাইভেট লিমিটেড্ ,অৰিয়ন ইডুটেক প্ৰাইভেট লিমিটেড্ , কিউছ কৰ্প লিমিটেড্ ,বিদ্যাজ্যোতি এডুকেছনেল ছছাইটি , কাপষ্টান ফেছিলেটিজ মেনেজমেন্ট প্ৰাইভেট লিমিটেড্, চেফ-এডুকেট লাৰ্ণিং প্ৰাইভেট লিমিটেড্ , মাৰ্কাজুল মা-আৰিফ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ্ স্কিল ডেভেলপমেন্ট।
এই আঁচনিটোৰ দ্বাৰা উৎপাদিত আত্ম সহায়ক গোটৰ সামগ্ৰী সমুহক এখনি বজাৰ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ খানাপৰাৰ গণেশ মন্দিৰৰ ওচৰত থকা ইন্ডোৰ ষ্টেমিয়ামত এখনি সৰস (SARAS) মেলা অনুষ্ঠিত কৰা হৈছে যোৱা ২৫ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ পৰা ০৬ মাৰ্চ ২০২২ তাৰিখলৈ । অসম চৰকাৰ , বিভাগীয় মন্ত্ৰী , আমোলা , বিষয়া, কৰ্মচাৰী আৰু আত্ম সহায়ক গোটৰ সদস্য লগতে খণ্ড পৰ্যায়ৰ প্ৰকল্প পৰিচালক , ভাৰপ্ৰাপ্ত সংগঠন বিষয়া , বেংক পৰিচালক ,জীৱিকা সখী ,বেংক সখী আদিৰ ত্যাগ জৰিত মানসিকতা আৰু সৌহাৰ্দতা থাকিলে চৰকাৰৰ নিৰ্দ্ধাৰিত লক্ষ্য আৰু উদ্দেশ্য নিশ্চয়কৈ সফল হ’ব বুলি গভীৰ ভাৱে আশা কৰিব পাৰি।