বিশেষভাৱে সক্ষম শিশুৰ মাজত খাদ্য বিতৰণ

বিশেষভাৱে সক্ষম শিশুৰ মাজত খাদ্য বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ দক্ষিণ গাঁওত অৱস্থিত প্ৰয়াত ঋষি হাজৰিকা মেম’ৰিয়েল হম ফৰ স্পিচিয়েল চিলড্ৰেন ডেচটিনেশ্বনত লেখিকা ৰমিছা বেগমে নিজ হাতেৰে বনোৱা খাদ্য বিশেষভাৱে সক্ষম শিশুৰ মাজত বিতৰণ কৰে৷ লেখিকা ৰমিছা বেগমৰ  বৰ জীয়ৰী ৰীমাৰ জন্ম দিন উপলক্ষে জীয়ৰীক লৈ বিশেষভাৱে সক্ষম শিশু সকলৰ লগত  দিনটো অতিবাহিত কৰে৷ আশ্ৰমত কাম কৰা ৰত্না চেতিয়াৰ হাতত গছৰ পুলি দুজোপা অৰ্পণ কৰি শিশুসকলক লৈ কেক কাটি, চকলেট বিতৰণ কৰে।  বেগমে ঘৰৰ পৰা বনাই লৈ যোৱা কেক, পিঠা, পোলাও, কণী, গাজৰৰ হালুৱা আদিৰে প্ৰায় ৮৭ জন  শিশু আৰু কিশোৰ-কিশোৰীৰ লগত এসাঁজ লগে ভাগে খায় সন্তুষ্টি প্ৰকাশ কৰে৷তেওঁ জানিবলৈ দিয়ে যে তাত খোৱা পানীৰ লগতে থকাৰ ব্যৱস্থা মুঠেই সুবিধাজনক নহয়৷