গোলাঘাট জিলা মৃদঙ্গীয়া গায়ন-বায়ন সন্থাৰ চতুৰ্থ বাৰ্ষিক সমাৰোহ আৰু দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন 

গোলাঘাট জিলা মৃদঙ্গীয়া গায়ন-বায়ন সন্থাৰ চতুৰ্থ বাৰ্ষিক সমাৰোহ আৰু দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন 

মৃগাংক বৰুৱা,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জিলা মৃদঙ্গীয়া গায়ন-বায়ন সন্থাৰ চতুৰ্থ বাৰ্ষিক সমাৰোহ আৰু দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন খনি বৰপথাৰৰ ১ নং টেঙানী গাঁৱৰ শ্ৰী শ্ৰী বিষ্ণুদেউ নামঘৰত অলপতে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসূচী মতে ধৰ্মধ্বজা উত্তোলন কৰে গোলাঘাট জিলা মৃদঙ্গীয়া গায়ন-বায়ন সন্থাৰ সভাপতি দেবেন গগৈয়ে, স্মৃতি তৰ্পন কাৰে অৱসপ্ৰাপ্ত শিক্ষক মুকুল গগৈয়ে আৰু গছ পুলি ৰোপন কৰে বৰপথাৰৰ খণ্ড বন বিষয়া ৰাজিৱ কাকতিয়ে। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা খনি উদ্ধোধন কৰে বৰপথাৰ থানা পৰিচালনা সমিতিৰ সভাপতি প্ৰেমানন্দ বৰুৱাই। ৰবিন বড়া পৰ্য্যবেক্ষক হিচাপে থকা সভাই পূৰ্বৰ সভাপতি দেবেন গগৈ সভাপতি হিচাপে আৰু পূৰ্বৰ সম্পাদক ৰিতু শইকীয়াক পুনৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰে।ইয়াৰ পাছতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মৃদঙ্গীয়া গায়ন-বায়ন বায়নৰ লগতে দশাৱতাৰ, দিহানাম, সত্ৰীয়া নৃত্য, গীত প্ৰদৰ্শন কৰে আৰু অনুষ্ঠানটিৰ উদ্ধোধন কৰে আঁহতগুৰি বৰসত্ৰ মাজুলীৰ সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামীয়ে। সন্ধিয়ালৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে শ্ৰী শ্ৰী বাৰখেলীয়া বৰ নামঘৰৰ সাংস্কৃতিক সম্পাদক ৰেব চুতীয়াই। দ্বিতীয় দিনা পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে বৰপথাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক পুতুল শৰ্মাই।দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভা খনিৰ আঁত ধৰে গোলাঘাট জিলা মৃদঙ্গীয়া গায়ন-বায়ন সন্থাৰ সম্পাদক ৰিতু শইকীয়াই, সঞ্চালনা কৰে দেবেন গগৈ আৰু সহ সঞ্চালক হিচাপে সহযোগিতা কৰে ফনিধৰ ফুকনে।ইয়াৰ পাছতে প্ৰদৰ্শন কৰা দিহা নামে সকলোৰে মন মোহিত কৰে।আদৰণি ভাষন প্ৰদান কৰে উদ্ যাপন সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ শইকীয়াই। উদ্ যাপন সমিতিয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ পদাঙ্ক উন্মোচন কৰে ইকৰাণি কৃষি প্ৰধান কাৰিকৰি হাইস্কুলৰ সহ শিক্ষক ৰবীন মহন্তই।শ্ৰী শ্ৰী আঁহত গুৰি বৰসত্ৰ মাজুলীৰ ডেকাসত্ৰীয়া দুগ্ধচন্দ্ৰ দেৱ গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য প্ৰদান কৰি মৃদঙ্গৰ ইতিহাস আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে বহল বাখ্যা দাঙি ধৰে ।তেখেতে কয় যে মৃদঙ্গ হৈছে পুৰণি বাদ্য যদিও চৰকাৰী স্বৃকীত লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে মৃদঙ্গ বাদ্যক চৰকাৰী স্বৃকীতি প্ৰদান কৰিবলৈ দাবী জনাই। মুখ্য অতিথি হিচাবে শ্ৰী শ্ৰী আঁগত গুৰি বৰ সত্ৰ মাজুলীৰ সত্ৰাধিকাৰ ৰূপচন্দ্ৰ দেৱ গোস্বামী উপস্থিত থাকে।সভাত ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক নোমল চন্দ্ৰ গগৈয়ে বক্তব্য প্ৰদান কৰে ।সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে আঁহতগুৰি চিলনীজানৰ সত্ৰাধিকাৰ অতুল গোস্বামী, সন্থাৰ তিনিচুকীয়াৰ সম্পাদক বলীন চেতীয়া,যোৰহাটৰ সম্পাদক প্ৰদীপ গগৈ, সদৌ অসম ঢুলীয়া শিল্পী সন্থাৰ সম্পাদক জীতেন বৰা, বেঙেনাআটি সত্ৰৰ লীলা বৰা, চুতীয়া জাতি সন্মিলনৰ ধনশ্ৰী জিলাৰ সভাপতি অচ্যুত শইকীয়া, ভাগ্য সন্দিকৈ, বৰপথাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক বিতুল কলিতা, গোলাঘাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সম্পাদক দ্বীপ গগৈ, সমাজ সেৱক বিতুপন শইকীয়া, ধনশ্ৰী মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক মিন্টু গগৈ, শিক্ষক অমূল্য গোস্বামী, বিপ্লৱ বৰগোহাঁইৰ লগতে বহু সংখ্যক ব্যক্তি।সভাত ধেমাজি জিলাৰ মৃদঙ্গীয়া গায়ন-বায়ন আৰু স্থানীয় চেমনীয়া সকলে গায়ন বায়ন প্ৰদৰ্শন কৰে। সন্ধিয়ালৈ দিহা নাম আৰু দশৱতাৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা উদ্ধোধন কৰে বায়ন জীতেন বৰাই।