শিক্ষক আৰু ছাত্ৰ
মানৱ সভ্যতাৰ দুটি শব্দ শিক্ষক আৰু ছাত্ৰ
শিক্ষকৰ প্ৰতি শ্ৰদ্ধাশীল জনেই উত্তম পাত্ৰ।
তাহানিতে ইয়াক বুলিছিল গুৰু আৰু শিষ্য,
গুৰু-আদেশ পালনেই আছিল মূল উদ্দেশ্য।
গুৰু গৃহত থাকি কৰিব লাগিছিল বিদ্যা আৰ্জন,
কোনোকালে গুৰুৰ আদেশ নকৰিছিল লঙ্ঘন।
ধনুৰ্বিদ্যা,গোদা-যুদ্ধ,অস্ত্ৰ-বিদ্যা,অশ্ব-হস্তী চালন,
এই বোৰেই বিদ্যা আৰ্জনৰ আছিল মূল শিক্ষণ।
খৰি-লুৰা গৰু-চ’ৰা আদিও সিহঁতৰ আছিল কৰ্ম,
বেদ শাস্ত্ৰাদিৰ অধ্যয়নেৰে বুজি লৈছিল তত্ব-মৰ্ম।
তাহানিৰ গুৰু-শিষ্য গুচি হ’ল শিক্ষক আৰু ছাত্ৰ।
পাঠ্য-পুথিয়েই হ’ল বিদ্যা-আৰ্জনৰ পথ একমাত্ৰ।
শিক্ষকসকলতকৈ ছাত্ৰসকল হ’ব লাগে সিয়ান,
শিক্ষকসকলৰ পৰা খুচুৰি খুচুৰি ল’ব লাগে জ্ঞান
যেনেদৰে দামুৰিজনীয়ে গাইৰ ওহাৰত খুন্দিয়াই,
তেতিয়াহে গাইয়ে নিজৰ গাখীৰ দিয়ে উলিয়াই।
যিজন ছাত্ৰ শ্ৰেণী-কোঠাত থম-থম মদন গোপাল,
বিদ্যাই কেতিয়াও ধৰা নিদিয়ে তাৰ পুৰা কপাল।
তাহানি গুৰু আৰু শিষ্যৰ যি মধুৰ সম্পৰ্ক আছিল,
বৰ্তমান শিক্ষক-ছাত্ৰৰ সেই সম্পৰ্ক উকলি আহিল।
ইয়াৰ বাবে কাক জগৰীয়া কৰিম কোনে দায়ী হ’ব?
যুগৰে তাগিদাত হৈছে বুলি সান্ত্বনা লভিব লাগিব।
ছাত্ৰ-ছাত্ৰীসকললৈ এটি কৰিব খুজিছোঁ আহ্বান।
শিক্ষকসকলৈ কোনো কালে নকৰা যেন হেয় জ্ঞান।
শিক্ষকসকলৰ মনৰ আনন্দৰ কথা এটি ক’ব কওঁ,
ছাত্ৰ-ছাত্ৰীৰ সুনাম অৰ্জনত কেনে যে আনন্দ পাওঁ।
ছাত্ৰ-ছাত্ৰীৰ সাফল্যতাই শিক্ষকৰ জীৱন ধন্য হয়,
শিক্ষকতা কৰা জীৱনৰ যেন সাৰ্থকতা লভা হয়।
ছাত্ৰ-ছাত্ৰীসকলৰ অৱগতাৰ্থে কথা এটি কৈ থওঁ,
শিক্ষকৰ অৱসৰ গ্ৰহণৰ পিছতপাহৰি যেন নাযাওঁ।
শিক্ষক-ছাত্ৰৰ মধুৰ সম্পৰ্কটি অণুক্ৰমে হৈছে ম্লান,
সেই সম্পৰ্কটি ফিৰাই আনিবলৈ কৰিছোঁ আহ্বান।
পদ্ম শঙ্কৰ চৌধুৰী
অৱসৰপ্ৰাপ্ত শিক্ষক।
ৰচনা কাল-২১-০২-২২ ইং।
বি.দ্ৰ.-ইয়াত ছাত্ৰ বুলি কওঁতে অকল ছাত্ৰকে কোৱা নাই ছাত্ৰীসকলো ইয়াৰ মাজত সোমাই আছে।