ড’টাৰ অব্ দি নেশ্বন- সুৰৰ সম্ৰাজ্ঞী লতা মঙ্গেশকাৰ

pc.- india today

ড’টাৰ অব্ দি নেশ্বন- সুৰৰ সম্ৰাজ্ঞী লতা মঙ্গেশকাৰ

ফখৰুদ্দিন আহমেদ

বিগত ইং ১৯৪২ চনৰ পৰা ইং ২০২২ বৰ্ষৰ ছয় ফে্ব্ৰুৱাৰীলৈ প্ৰায় চাৰ কুৰি বছৰীয়া স্বৰ্ণীল জীৱন পৰিক্ৰমাত সৃষ্টিকৰ্তাই প্ৰদান কৰা কণ্ঠেৰে মোহিত কৰি ৰাখি কোনোবা অজান দেশলৈ গুছি গ`লগৈ ভাৰতবাসীৰ হৃদয়ৰ ৰাণী লতা মঙ্গেশকাৰ।অন্ত পৰিল এটি গৌৰবোজ্বল সংগীতিক যুগৰ। স্তব্ধ হৈ পৰিল গীতৰ জৰিয়তে বিশ্বক জয় কৰা ঈশ্বৰ প্ৰদত্ত গৰিমাময় এটি অবিনশ্বৰ কণ্ঠৰ।
বংশগত ভাবেই এটি সংগীতৰ গুণৰে সমৃদ্ধ পৰিয়ালত মধ্য প্ৰদেশৰ ইন্দোৰত ইং ১৯২৯ চনৰ ২৮ চেপ্তেম্বৰ তৰিখে ভাৰত ৰত্ন লতা মঙ্গেশকাৰ চমুকৈ লতা জীৰ জন্ম হৈছিল।পিতৃ দীননাথ মঙ্গেশকাৰ আৰু মাতৃ শিবন্তী মঙ্গেশকাৰে মৰমতে নাম ৰাখিছিল হেমা। পিছলৈ পিতৃ দীননাথ মঙ্গেশকাৰে অভিনয় কৰা ” ভব বন্ধন” নামৰ মাৰাঠী নাটক এখনত সন্নিবিষ্ট লতিকা নামৰ চৰিত্ৰটিৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাবান্বিত হৈ মৰমৰ জী হেমাৰ নাম সলনি কৰি লতা কৰিছিল । সম্পুৰ্ণ নামটি আছিল কুমাৰী লতা দীননাথ মঙ্গেশকাৰ।
লতা জীয়ে সংগীতৰ ক্ষেত্ৰখনিত জীৱনৰ পৰিক্ৰমা আৰম্ভ কৰিছিল প্ৰায় ১২ বছৰ বয়সত এখনি মাৰাঠী চলচ্চিত্ৰৰ নেপথ্য গায়িকা হিচাপে ।মাৰাঠী কথাছবি “গাজা ভাও “ত গোৱা ” মাতা এক শপত কি দুনিয়া বদল দে তু ” শীৰ্ষক গীতেৰে । ভাৰতীয় বলিউড জগতত লতা জীয়ে পদাৰ্পণ কৰিবলৈ মুম্বাইলৈ আহিছিল ইং ১৯৪৫ চনত। লতা জীয়ে বলিউডত প্ৰতিষ্ঠিত হ’বলৈ বাৰুকৈয়ে সংগ্ৰাম কৰিবলগা হৈছিল। কাৰণ তেখেতৰ কণ্ঠস্বৰ বহু সৰু আছিল।কিন্তু বলিউডৰ জগতত ইতিমধ্যে লতা জীৰ পথপ্ৰদৰ্শক স্বৰূপ হৈ পৰা গোলাম হাইদৰে ইং ১৯৪৮ চনত তেখেতৰ মুক্তি প্ৰাপ্ত ” মজবুৰ” নামৰ কথাছবি খনত লতা জীক কণ্ঠ নিগৰাবলৈ সুবিধা দিয়া “দিল মেৰা তোৰা ” শীৰ্ষক গীতটি বাৰুকৈয়ে জনপ্ৰিয় হৈ পৰিছিল। এই গীতটোৱেই আছিল বলিউড জগতত লতা জীৰ প্ৰতিষ্ঠা লাভৰ “ইউ টাৰ্ণ” ।তাৰ পিছত তেখেতে সমগ্ৰ জীৱন আৰু পিছলৈ উভতি চাবলগা হোৱা নাছিল। তেখেতৰ সংগীত জগতৰ জীবনত পাৰ হৈ যোৱা প্ৰায় চাৰি কুৰি বছৰত সংগীতেই তেখেতৰ জীবনৰ একমাত্ৰ অবিধা হৈ পৰিছিল। ভাৰত তথা বিশ্বৰ জনতাক তেখেতে দিছিল সংগীতৰ মুৰ্ছনাৰে সংগ্ৰামময় জীৱনত জীয়াই থকাৰ সংজ্ঞা আৰু মন্ত্ৰণা । তাৰ বিপৰীতে ভাৰত তথা বিশ্বই দিছিল তেখেতক দিছিল অকৃত্ৰিম চেনেহ , মৰম , ভালপোৱা , শ্ৰদ্ধা আৰু অনুপম স্বীকৃতি। চেনেহ , মৰম , ভালপোৱা , শ্ৰদ্ধা আৰু স্বীকৃতিৰ ফলতেই তেখেত পিছলৈ সমগ্ৰ ভাৰতবাসীৰ “দিদি ” হৈ পৰিছিল। নিজৰ জীৱিত কালতেই লতা জী যিদৰে কিম্বদন্তীলৈ বিবৰ্তিত হৈ পৰিছিল ঠিক তেনেদৰে ভাৰতীয় সংগীত জগতৰ দুগৰাকী নমস্য পুৰুষ ডঃ ভূপেন হাজৰিকা আৰু মহম্মদ ৰফীও সেইদৰে নিজৰ জীবন কালতেই কিম্বদন্তীলৈ পৰিণত হৈ পৰিছিল। এই সুখ্যাত কণ্ঠৰ দুয়োগৰাকী সংগীত শিল্পীৰ উপৰিও অন্যান্য গায়ক-গায়িকা সকলৰ সৈতে গোৱা গীত সমূহে লতা জীক অনন্ত কাললৈ ভাৰত তথা বিশ্বৰ সংগীত জগতত অমৰ কৰি ৰাখিব।
ভাৰত তথা বিশ্বৰ সংগীত জগতত লতাজীৰ বৰঙনি আৰু তাৰ স্বীকৃতি স্বৰূপে তেখেতলৈ আগবঢ়োৱা ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ তালিকা খনো দীঘলীয়া। সেইবোৰ তলত উল্লেখ কৰা হ’ল-
১)পদ্মভূষণ বটাঁ- ইং ১৯৬৯ চন
২)দাদা চাহেব ফাল্কে বটাঁ-ইং ১৯৮৯ চন
৩)মহাৰাষ্ট্ৰ ভূষণ বটাঁ-ইং ১৯৯৭ চন
৪)এন টি আৰ জাতীয় বটাঁ- ইং ১৯৯৯ চন
৫)পদ্মবিভূষণ বটাঁ-ইং ১৯৯৯ চন
৬)ভাৰত ৰত্ন বটাঁ-ইং ২০০১ চন
৭) ফিল্ম ফেয়াৰ আজীবন সন্মান পুৰস্কাৰ
৮)ফ্ৰান্স চৰকাৰৰ সৰ্বোচ্চ অসামৰিক ” লেজিঅ’ ডোনাৰ অসামৰিক বিষয়া ” সন্মান প্ৰদান- ইং ২০০৭ চন
৯)প্ৰথম ভাৰতীয় সংগীত শিল্পী হিচাপে ৰয়েল এলবাৰ্ট হ’লত সংগীত পৰিবেশন- ইং ১৯৭৪ চন
১০)ড’টাৰ অব্ নেশ্বন পুৰস্কাৰ , ভাৰত চৰকাৰ- ইং ২০১৯
১১) ৩ টা দেশীয় চলচ্চিত্ৰ পুৰস্কাৰ
১২)১৫ টা বাংলা চলচ্চিত্ৰ সাংবাদিক সমিতি পুৰস্কাৰ
১৩)৪ টা শ্ৰেষ্ঠ নাৰী নেপথ্য কণ্ঠ শিল্পী পুৰস্কাৰ
১৪)২টি বিশেষ ফিল্ম ফেয়াৰ পুৰস্কাৰ
স্মৰ্তব্য যে লতাজীৰ শৈশব কালত দেউতাক দীননাথ মঙ্গেশকাৰে লতাজীক কেৱল কে এল্ চাইগলৰ সৈতেহে গীত গোৱাৰ অনুমতি দিছিল।
কোকিলকণ্ঠী গায়িকা লতাজীয়ে সংগীত শিল্পী হিচাপে তেখেতৰ গৰিমাময় পৰিক্ৰমাত দহ সহস্ৰাধিক ভাৰতীয় কথাছবিত গীত গাইছে। ইয়াৰ উপৰিও ৩৬ টি ভাৰতীয় আঞ্চলিক ভাষা আৰু কিছু বিদেশী ভাষাটো লতা জীয়ে কণ্ঠ নিগৰাইছিল। “টাইম পত্ৰিকা ” ই লতাজীক ভাৰতীয় কথাছবিৰ নেপথ্য সংগীতৰ ” একছত্ৰী সমাজ্ঞী ” আখ্যা দিছিল লগতে তেখেতক ” নাইটিংগেল অব্ ইণ্ডিয়া ” বুলিও অভিহিত কৰা হৈছিল।
বহু সহস্ৰাধিক গীত গোৱা লতা জীৰ কণ্ঠৰ ” য়ে মেৰে ৱতন কি লোগো ” শীৰ্ষক গীতটিৰ লগতে জনপ্ৰীয় আনবোৰ গীতেও লতাজীক ভাৰত তথা বিশ্ববাসীৰ হৃদয়ত জীয়াই ৰাখিব।
“জোনাকৰে ৰাতি ,অসমীৰে মাটি ,জিলিকি জিলিকি পৰে” আৰু “অকাশ ,অ আকাশ ,এমুঠি জোনাক দিয়া” শীৰ্ষক জনপ্ৰিয় অসমীয়া গীতৰ কোকিলকণ্ঠী গায়িকা লতাজীৰ পৰলোক গমনত ভাৰতৰ সংগীত জগতত হোৱা অপূৰণীয় ক্ষতি কেতিয়াবা গৈ পূৰণ হ’ব নে ? নিশ্চয়কৈ নহয়। লতাজী , কেৱল লতাজীহে হৈ থাকিব।